Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দ্বি.বি. 12:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো ভাগ বা আধিপত্য নাই, আপোনালোক সকলোৱেই আনন্দ কৰিব।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 12:12
30 পৰস্পৰ সংযোগসমূহ  

সেই ঠাইতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৱে আহাৰ গ্রহণ কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীৰ্ব্বাদক লৈ আপোনালোকে আনন্দ উল্লাস কৰিব।


প্রত্যেক তৃতীয় বছৰত অর্থাৎ দশমাংশৰ বছৰত, আপোনালোকৰ শস্যৰ দহ ভাগৰ এভাগ আদায় দিয়া শেষ হোৱাৰ পাছত আপোনালোকে সেইবোৰ লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিব। তাতে সেই সকলোৱে আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰতে খোৱা-বোৱা কৰি তৃপ্ত হ’ব।


সেই কাৰণে লেবীয়াসকলে তেওঁলোকৰ ইস্রায়েলীয়া ককাই ভাইসকলৰ মাজত সম্পত্তিৰ কোনো ভাগ বা দেশৰ অধিকাৰ পোৱা নাই। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে যিহোৱাই তেওঁলোকৰ আধিপত্য।


তাতে লেবীয়াসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো আধিপত্য নাই, তেওঁলোকৰ লগতে সেই নগৰৰ বিদেশী বাসিন্দাসকল, বিধৱা আৰু পিতৃহীন ল’ৰা-ছোৱালীবোৰে তৃপ্তিৰে খাবলৈ পাব। আপোনালোকৰ হাতে কৰা এই সকলো কাৰ্যত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আশীৰ্ব্বাদ কৰিবৰ কাৰণে ইয়াকে কৰিব।


শুনক, আপোনালোকে যিমান দিন আপোনালোকৰ দেশত বাস কৰিব, সিমান দিনলৈকে লেবীয়াসকলক ত্যাগ নকৰিব।


তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।


ঈশ্বৰে এইদৰে লোকসকলৰ মন যুগুত কৰা বাবে, হিষ্কিয়া আৰু আন সকলো লোকে আনন্দ কৰিলে; কিয়নো এই কাম সোনকালে কৰা হৈছিল।


পাছত অষ্টম দিনা তেওঁ লোকসকলক বিদায় দিলে আৰু তেওঁলোকে ৰজাক ধন্যবাদ কৰি, যিহোৱাই তেওঁৰ দাস দায়ুদ আৰু তেওঁৰ প্ৰজা ইস্ৰায়েল লোকসকললৈ কৰা মঙ্গলৰ কাৰণে আনন্দিত আৰু সন্তুষ্ট হৈ নিজ নিজ তম্বুলৈ গুচি গ’ল।


যোচেফৰ জন-গোষ্ঠীৰ মাজত প্ৰকৃততে দুটা জন-গোষ্ঠী আছিল- মনচি আৰু ইফ্ৰয়িম৷ লেবীয়াসকলক দেশৰ মাজত উত্তৰাধিকাৰৰ একো ভাগ দিয়া নগ’ল, কেৱল বাস কৰিবলৈ কেইখনমান নির্দিষ্ট নগৰ আৰু তাৰ লগত পশুধনৰ বাবে চৰণীয়া পথাৰ, সম্পত্তি আদিৰ বাবে ঠাই দিলে।


কিন্তু লেবী ফৈদক হ’লে মোচিয়ে কোনো উত্তৰাধিকাৰ নিদিলে৷ তেওঁলোকক কোৱা নিজ বাক্য অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকৰ উত্তৰাধিকাৰ হ’ল।


পাছত যিহোৱাই হাৰোণক ক’লে, “ইস্রায়েলৰ সন্তান সকলৰ মাটিত তোমাৰ কোনো অধিকাৰ নাথাকিব, আৰু তেওঁলোকৰ মাজত তুমি কোনো ভাগ নাপাবা; ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তোমাৰ ভাগ আৰু উত্তৰাধিককাৰ ময়েই।


কেৱল লেবীৰ গোষ্ঠীক মোচিয়ে উত্তাৰাধিকাৰি হ’বলৈ নিদিলে। যিহোৱাই মোচিক কোৱা বাক্য অনুসাৰে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ” তেওঁলোকৰ উত্তৰাধিকাৰী হ’ল।


“তুমি লেবীয়াসকলক এই আজ্ঞা দি কোৱা, ‘তোমালোকক উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা যি দশম ভাগ যিহোৱাই দিলে, তাক যেতিয়া তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা গ্ৰহণ কৰিবা, তেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে সেই দশম ভাগৰো দশম ভাগ উৎসৰ্গ কৰিবা।


সমগ্র ইস্ৰায়েল দেশৰ কোনো নগৰৰ পৰা এজন লেবীয়াই যদি নিজৰ বাসস্থান এৰি সম্পূর্ণ নিজ ইচ্ছাৰে যিহোৱাই মনোনীত কৰা ঠাইত বাস কৰিবলৈ যায়,


আপোনালোকৰ সেই উৎসৱত আপোনালোকৰ পো-জী, বন্দী-বেটী আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকল, বিদেশীসকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।


আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, আপোনালোকৰ পো-জী, বন্দী-বেটী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু আপোনালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।


পিতৰে তেওঁক ক’লে “আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব।” যীচুৱে উত্তৰ দিলে, “যদি তোমাৰ ভৰি নুধুৱাওঁ, তেনেহলে মোৰে সৈতে তোমাৰ একো সম্পর্ক নাই।”


আমাৰ এই কামত তোমাৰ কোনো ভাগ বা অংশ নাই, যিহেতু ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়।


কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকলে সেইবোৰ ভোজন কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্যত তেওঁ দিয়া আশীর্বাদক লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আনন্দ উল্লাস কৰিব।


আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালক যি সকলো মঙ্গল কৰিছে, তাৰ বাবে আপোনালোকৰ মাজত থকা লেবীয়া আৰু বিদেশী লোকেৰে সৈতে আনন্দ কৰিব।


দেশাধ্যক্ষ নহিমিয়া, অধ্যাপক আৰু পুৰোহিত ইজ্ৰা, আৰু লেবীয়াসকল যি সকলে অৰ্থ বুজাই দিছিল, তেওঁলোকে লোকসকলক ক’লে, “আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে শোক নকৰিব আৰু নাকান্দিব।” কাৰণ ব্যৱস্থা পুস্তকৰ বাক্য শুনি সকলো লোকে কান্দি আছিল।


আৰু প্ৰথম দিনা তোমালোকে শুৱনি গছৰ গুটি, খাজুৰ গছৰ পাত, ঘন পতীয়া গছৰ ডাল আৰু জুৰিৰ পাৰত থকা বাইচি গছ লৈ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত সাতদিন আনন্দ কৰিবা।


আপোনালোকে মঙ্গলাৰ্থক বলি উৎসর্গ কৰি তাত ভোজন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আনন্দ কৰিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন