দ্বি.বি. 18:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201912 এনেবোৰ কার্য কৰা সকলো লোক যিহোৱাৰ আগত ঘিণলগীয়া আৰু এনে ঘৃণণীয় কার্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। অধ্যায়টো চাওক |
আপোনালোকৰ ধাৰ্মিকতা বা অন্তৰৰ সততাৰ কাৰণেই যে আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিবলৈ গৈছে, সেয়ে নহয়, বৰং এই জাতিবোৰৰ দুষ্টতাৰ কাৰণেহে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাব যাতে আপোনালোকৰ তেওঁ আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত যি প্রতিজ্ঞা কৰিছিল, তাক পূর্ণ কৰিব পাৰে।
ইয়াৰ বাহিৰেও, যোচিয়াই ভূত পোহা বা মৃত আত্মাৰ লগত পৰামর্শ কৰা সকলক আঁতৰাই পঠালে। তেওঁ পাৰিবাৰিক দেৱমূর্তিবোৰ, প্রতিমাবোৰ, যিহূদা আৰু যিৰূচালেমত যিবোৰ ঘৃণনীয় বস্তু দেখা পালে, সেই সকলোবোৰ দূৰ কৰিলে। পুৰোহিত হিল্কিয়াই যিহোৱাৰ গৃহত বিধান লিখা যি পুস্তকখন পাইছিল, তাৰ কথাবোৰ যেন পালন কৰা হয়, সেয়ে যোচিয়াই এই কার্য কৰিছিল।