সেই ৰাতিয়েই যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “মই তোমাৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ, ভয় নকৰিবা; কিয়নো মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম আৰু মোৰ নিজ দাস অব্ৰাহামলৈ চাই তোমাৰ বংশ বৃদ্ধি কৰিম।”
দ্বি.বি. 13:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেইবাবে আপোনালোকৰ হাতত যেন এই লুটদ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ আপোনালোকক কৃপা আৰু দয়া কৰিব লগতে আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত কৰা শপতৰ দৰে আপোনালোকৰ বংশ বৃদ্ধি কৰিব। |
সেই ৰাতিয়েই যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “মই তোমাৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ, ভয় নকৰিবা; কিয়নো মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম আৰু মোৰ নিজ দাস অব্ৰাহামলৈ চাই তোমাৰ বংশ বৃদ্ধি কৰিম।”
মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই, তোমাৰ বংশক এই সকলো দেশ দিম; আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব;
তোমাৰ বংশ পৃথিৱীৰ ধুলিৰ নিচিনা অসংখ্য হ’ব; তুমি পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা; পৃথিৱীৰ সমুদায় জাতি, তোমাৰ আৰু তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধ্বংস নকৰিলে; এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।
কিন্তু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰা সকলক মই মোৰ বিশ্বাসযোগ্য চুক্তি হাজাৰ হাজাৰ পুৰুষলৈকে দেখাও।
মিচৰীয়া লোকসকলক কিয় ক’ব দিব যে, ‘তেওঁলোকক পৰ্ব্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁ তেওঁলোকক বাহিৰ কৰি আনিলে’। আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক।
ইয়াৰ বাহিৰে মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম কৰিম; সেয়ে তেওঁলোকে সৈতে এটি চিৰকলীয়া নিয়ম হ’ব; মই তেওঁলোকক স্থাপন কৰি তেওঁলোকক বৃদ্ধি কৰিম, আৰু চিৰকাললৈকে তেওঁলোকৰ মাজত মোৰ ধৰ্মধাম স্থাপন কৰিম।
মোৰ প্ৰচণ্ড ক্ৰোধ মই তোমালোকৰ বিৰুদ্ধে প্রকাশ নকৰিম; মই ইফ্ৰয়িমক পুনৰ বিনষ্ট নকৰিম; কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ; মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা; মই ক্ৰোধেৰে উপস্থিত নহম।
যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ ইস্ৰায়েলৰ পৰা গুচিবৰ বাবে, তুমি লোকসকলৰ আটাই মূল মানুহক নি, যিহোৱাৰ উদ্দেশ্যে সূৰ্যৰ সন্মুখত তেওঁলোকক আঁৰি থোৱা।”
তেওঁ এইদৰে কৰিব, যেতিয়া আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মাত শুনি মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো, তাক পালন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল, তাক কৰি বাধ্য হ’ব।
তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ বন্দী-অৱস্থা সলনি কৰিব, আৰু আপোনালোকক কৃপা কৰিব আৰু যি জাতিবোৰৰ মাজত তেওঁ আপোনালোকক সিচঁৰিত কৰিব, সেইসকল জাতিৰ মাজৰ পৰা পুনৰায় আপোনালোকক আনি গোটাব।
আপোনালোকৰ পূর্ব-পুৰুষসকলৰ দেশলৈকে তেওঁ আপোনালোকক ঘূৰাই আনিব আৰু আপোনালোকে তাক পুনৰ অধিকাৰ কৰিব। তেওঁ আপোনালোকৰ মঙ্গল কৰিব আৰু পূর্বপুৰুষসকলতকৈও আপোনালোকৰ জনসংখ্যা বৃদ্ধি কৰিব।
তেওঁ আপোনালোকক প্ৰেম কৰিব, আশীৰ্ব্বাদ কৰিব আৰু আপোনালোকৰ সংখ্যা বৃদ্ধি কৰিব; যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত তেওঁ শপত কৰিছিল, সেই দেশত আপোনালোকৰ গৰ্ভফল, খেতিৰ ফল, শস্য, নতুন দ্ৰাক্ষাৰস, তেল, আপোনালোকৰ পশুবোৰৰ লগতে মেৰ আৰু ছাগলী পোৱালীৰ সংখ্যা বৃদ্ধি আদি সকলোতে তেওঁ আশীৰ্ব্বাদ কৰিব।
আপোনালোকে ঘিণলগীয়া কোনো বস্তু নিজৰ ঘৰলৈ আনি তাৰ উপাসনা নকৰিব। সেইবোৰক আপোনালোকে মনে-প্রাণে ঘৃণা আৰু তুচ্ছ কৰিব, কাৰণ সেইবোৰক ধ্বংসৰ বাবে পৃথক কৰা হৈছে।
জেৰহৰ পুতেক আখানে বৰ্জিত বস্তুৰ কথাত দোষ কৰাত, ইস্ৰায়েলৰ সকলো লোকৰ ওপৰলৈ জানো ঈশ্বৰৰ ক্ৰোধ অহা নাছিল? সেই মানুহ নিজৰ অতিশয় অনৈতিক অপৰাধত অকলে জানো বিনষ্ট হ’ল’।”
তোমালোকে সেই ব্যৱহাৰৰ বাবে যিহোৱাই বৰ্জন কৰা সেই বৰ্জিত বস্তুৰ পৰা সাৱধানে থাকিবা; নহলে তাক বৰ্জিত কৰাৰ পাছত বৰ্জিত বস্তুৰ কিছু ল’লে, তোমালোকে ইস্ৰায়েলৰ ছাউনিকো বৰ্জিত কৰি দুখত পেলাবা।
আৰু লোকসকলে নগৰ আৰু তাৰ ভিতৰত থকা সকলোকে জুইৰে পুৰি ভস্ম কৰিলে; কেৱল ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ গৃহৰ ভঁৰালত হ’ল।
সেই সময়ত যিহোচূৱাই শপত খাই লোকসকলক ক’লে, “যি কোনোৱে উঠি পুনৰায় যিৰীহো নগৰ নিৰ্ম্মাণ কৰিব, সি যিহোৱাৰ সাক্ষাতে অভিশপ্ত হওঁক; সি ভিত্তিমূল স্থাপন কৰি দণ্ডস্বৰূপে বৰ পুতেকক আৰু তাৰ দুৱৰি লগাই দণ্ডস্বৰূপে সৰু পুতেকক দিব।”
কিন্তু ইস্রায়েলৰ সন্তান সকলে ধ্বংস কৰিবলগীয়া যিহোৱাই বর্জন কৰা বস্তুৰ বিষয়ত অবিশ্বাসযোগ্য লোকৰ দৰে কৰ্ম কৰিলে। কর্মীৰ পুত্ৰ আখান, এই আখান যিহূদা ফৈদৰ। এওঁ ধ্বংস হ’বলগীয়া বৰ্জিত বস্তুৰ কিছুমান নিজৰ লগত লৈ গৈছিল; সেয়ে যিহোৱাৰ ক্রোধ ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত জ্বলি উঠিল।
পাছত তাৰ ওপৰত শিল দলিয়াই দলিয়াই শিলৰ বৰ দ’ম কৰিলে; শিলৰ সেই দ’ম আজিলৈকে আছে। পাছত যিহোৱাই তেওঁৰ প্ৰচণ্ড ক্রোধৰ পৰা ঘূৰিল। সেই বাবে এই ঠাই আখোৰ উপত্যকা বুলি আজিলৈকে বিখ্যাত আছে।
এইদৰে অয়ক যিহোচূৱাই জুই লগাই পুৰিলে আৰু সেই নগৰক চিৰকলীয়া ধ্বংসাৱশেষৰ স্তুপ কৰিলে। এইদৰে এই ঠাই আজিলৈকে পৰিত্যক্ত হৈ আছে৷