9 মোৰ প্ৰচণ্ড ক্ৰোধ মই তোমালোকৰ বিৰুদ্ধে প্রকাশ নকৰিম; মই ইফ্ৰয়িমক পুনৰ বিনষ্ট নকৰিম; কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ; মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা; মই ক্ৰোধেৰে উপস্থিত নহম।
অমাচাই কিন্তু যোৱাবৰ বাওঁ হাতত থকা ডেগাৰলৈ মন নকৰিলে৷ তাতে যোৱাবে তাৰে তেওঁৰ পেটত খোঁচ মাৰি মাটিত তেওঁৰ নাড়ী-ভূঁৰু উলিয়াই পেলালে৷ যোৱাবে পুনৰাই তেওঁক খোঁচ নামাৰিলে আৰু তাতে অমাচাৰ মৃত্যু হ’ল। তাৰ পাছত যোৱাব আৰু তেওঁৰ ভায়েক অবীচয়ে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছত খেদি গ’ল।
ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব। অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব।
তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধ্বংস নকৰিলে; এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।
হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা; আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা।
হে চিয়োন-নিবাসীসকল তোমালোক উচ্চস্বৰেৰে আনন্দ-ধ্বনি কৰা; কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা তোমালোকৰ মাজত মহান।”
যি সকলে সহায়ৰ বাবে মিচৰলৈ নামি যায়, আৰু ঘোঁৰাবোৰত ভাৰসা কৰে, তেওঁলোকৰ সন্তাপ হ’ব; তেওঁলোকে ৰথত আৰু অশ্বাৰোহীত ভাৰসা কৰে কিন্তু তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ প্রতি উদ্বিগ্ন নহয়, নাইবা যিহোৱাৰ ওচৰলৈ নাযায়।
হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা; যিহোৱাই কৈছে “ময়েই তোমাক সহায় কৰিম” আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাৰ মুক্তিদাতা।
তুমি সেইবোৰক জাৰিবা, আৰু বতাহে সেইবোৰক উড়ুৱাই নিব, আৰু বা’মৰলী বতাহে সেইবোৰক সিঁচৰিত কৰিব; কিন্তু তুমি যিহোৱাত উল্লাস কৰিবা, তুমি ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাত গৌৰৱ কৰিবা।
মই তোমাক উচ্ছন্ন নকৰিবৰ বাবে মই মোৰ নামৰ কাৰণে ক্ৰোধ স্হগিত ৰাখিম, আৰু মোৰ সন্মানৰ কাৰণে কুন্ঠাবোধ কৰিম।
এই হেতুকে জুইৰ জিভাই যেনেকৈ নৰা গ্ৰাস কৰে আৰু অগ্নিশিখাত যেনেকৈ শুকান ঘাঁহ ভষ্ম হৈ যায়, সেয়ে তেওঁলোকৰ ভিত্তিমূল পচিব, আৰু তেওঁলোকৰ ফুলবোৰ ধুলিৰ দ্বৰে উড়ি যাব; কাৰণ তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰৰ বাক্য তুচ্ছ জ্ঞান কৰিলে।
কিজানি তেওঁলোকে শুনি নিজ নিজ কু-পথৰ পৰা উলটিব; সেয়ে হ’লে, তেওঁলোকৰ দুষ্টতাৰ বাবে মই তেওঁলোকলৈ কৰিব খোজা অমঙ্গলৰ পৰা থামিম।
কিয়নো, যিহোৱাই কৈছে, ‘তোমাক ৰক্ষা কৰিবলৈ তোমাৰ লগত আছোঁ; কাৰণ মই যি জাতিৰ মাজলৈ তোমাক ছিন্ন-ভিন্ন কৰিলোঁ, সেই আটাই জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ।
ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়।
যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।
“কিয়নো মই, যিহোৱা, মোৰ কোনো পৰিবৰ্ত্তন নাই; সেয়ে, হে যাকোবৰ বংশধৰ, তোমালোক বিনষ্ট হোৱা নাই।
ঈশ্বৰ মনুষ্য নহয়, যে তেওঁ মিছা কথা ক’ব, তেওঁ মানুহৰ সন্তানো নহয়, যে তেওঁ মন ঘূৰাব। তেওঁ কৈ জানো সিদ্ধ নকৰিব? তেওঁ বাক্য কৈ জানো সাম্ফল নকৰিব?
যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেইবাবে আপোনালোকৰ হাতত যেন এই লুটদ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ আপোনালোকক কৃপা আৰু দয়া কৰিব লগতে আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত কৰা শপতৰ দৰে আপোনালোকৰ বংশ বৃদ্ধি কৰিব।
তেতিয়া অবীচয়ে দায়ূদক ক’লে, “আজি ঈশ্বৰে আপোনাৰ শত্ৰুক আপোনাৰ হাতত সমৰ্পণ কৰিছে, এতিয়া যাঠীৰে তেওঁক একেবাৰে মাটিয়ে সৈতে শালিবলৈ মোক অনুমতি দিয়ক; মই তেওঁক দ্ধিতীয়বাৰ আঘাত নকৰোঁ।”