Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দ্বি.বি. 13:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 তেওঁ এইদৰে কৰিব, যেতিয়া আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মাত শুনি মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো, তাক পালন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল, তাক কৰি বাধ্য হ’ব।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 13:18
12 পৰস্পৰ সংযোগসমূহ  

মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰিম; আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বৃদ্ধি কৰিম; তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্রুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব।


যেতিয়া তোমাৰ সকলো আজ্ঞাৰ প্রতি মই দৃষ্টি ৰাখি চলিম, তেতিয়া মই লজ্জিত নহ’ম।


কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।


যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব।


সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।


আপোনালোক আৰু আপোনালোকৰ ভাবী সন্তান সকলৰ মঙ্গল হ’বৰ কাৰণে আপোনালোকে তেজ পান নকৰিব; তেতিয়া যিহোৱাৰ দৃষ্টিত যি ভাল তাক কৰা হ’ব।


আপোনালোকৰ আৰু আপোনালোকৰ পাছত আপোনালোকৰ ভাবী সন্তান সকলৰ যেন চিৰকাল মঙ্গল হয়, সেয়ে মই দিয়া এই সকলো আজ্ঞা আপোনালোকে যত্নেৰে পালন কৰিব; কাৰণ তেনে কৰিলে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ন্যায় আৰু ভাল তাক কৰা হ’ব।


মই আপোনালোকক যি যি আজ্ঞা দিছোঁ, আপোনালোকে সেই সকলোকে পালন কৰিব; ইয়াৰ লগত আপোনালোকে একো কথা যোগ নিদিব আৰু ইয়াৰ পৰা একো কথা বাদ নিদিব।


যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেইবাবে আপোনালোকৰ হাতত যেন এই লুটদ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ আপোনালোকক কৃপা আৰু দয়া কৰিব লগতে আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত কৰা শপতৰ দৰে আপোনালোকৰ বংশ বৃদ্ধি কৰিব।


আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্তান। আপোনালোকে মৰা মানুহৰ কাৰণে শোক প্রকাশ কৰিবলৈ নিজৰ শৰীৰত কাটকুট নকৰিব বা মূৰৰ চুলি নুখুৰাব।


আপোনালোকে ঘিণলগীয়া কোনো বস্তু নিজৰ ঘৰলৈ আনি তাৰ উপাসনা নকৰিব। সেইবোৰক আপোনালোকে মনে-প্রাণে ঘৃণা আৰু তুচ্ছ কৰিব, কাৰণ সেইবোৰক ধ্বংসৰ বাবে পৃথক কৰা হৈছে।


পাছত তাৰ ওপৰত শিল দলিয়াই দলিয়াই শিলৰ বৰ দ’ম কৰিলে; শিলৰ সেই দ’ম আজিলৈকে আছে। পাছত যিহোৱাই তেওঁৰ প্ৰচণ্ড ক্রোধৰ পৰা ঘূৰিল। সেই বাবে এই ঠাই আখোৰ উপত্যকা বুলি আজিলৈকে বিখ্যাত আছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন