তেওঁলোকে ক’লে, “আহাঁ, আমি নিজৰ কাৰণে এখন নগৰ নির্ম্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰোঁহক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ’লে আমি গোটেই পৃথিৱীতে সিচঁৰিত হৈ পৰিম।”
দ্বি.বি. 1:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এতিয়া আমি ক’লৈ যাব পাৰোঁ? ভাইসকলে আমাৰ মন ভাঙি দিলে। কিয়নো তেওঁলোকে কৈছিল, ‘সেই ঠাইৰ অধিবাসীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল; তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশ লঙ্ঘা প্রাচীৰেৰে আবৃত। তাত বাজেও, আমি সেই ঠাইত অনাকীয়াৰ বংশধৰ দৈত্যকায় লোকসকলকো দেখিলোঁ।’” |
তেওঁলোকে ক’লে, “আহাঁ, আমি নিজৰ কাৰণে এখন নগৰ নির্ম্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰোঁহক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ’লে আমি গোটেই পৃথিৱীতে সিচঁৰিত হৈ পৰিম।”
তেতিয়া ইদোমৰ প্রধান লোকসকলে ভয় কৰিলে; মোৱাবৰ সৈন্য সকল কঁপি উঠিল; কনান-বাসী সকলোৱেই দিশহাৰা হৈ গ’ল।
তেতিয়া ‘কিয় তুমি হুমুনিয়াহ পেলাইছা?’ এইবুলি যেতিয়া তেওঁলোকে তোমাক সুধিব, তেতিয়া তুমি ক’বা, বাৰ্ত্তাৰ কাৰণে; কিয়নো সেয়ে আহিছে আৰু প্ৰত্যেকৰ হৃদয় কোমল হ’ব, আটাইৰে হাত দুৰ্ব্বল হ’ব, প্ৰত্যেকৰ মন নিৰুৎসাহ হ’ব আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব; চোৱা! প্ৰভু যিহোৱাই কৈছে, সেয়ে আহিছে আৰু সকলো সিদ্ধ হ’ব।”
পূর্বে এই ঠাইত এমীয়াসকলে বাস কৰিছিল; এমীয়া জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰে দীৰ্ঘকায়।
কিন্তু যিবোৰ গছৰ ফল খাব পৰা নাযায় বুলি জানিব, কেৱল তেনে গছহে কাটি নষ্ট কৰিব পাৰিব আৰু যি ঠাইৰ লোকসকলে আপোনালোকৰ লগত যুদ্ধ কৰিব, তেওঁলোকৰ পতন নোহোৱালৈকে সেই গছবোৰক আপোনালোকে আত্মৰক্ষাৰ গড় কৰি ব্যৱহাৰ কৰিব পাৰিব।
সেই বিষয়াসকলে পুনৰ ক’ব যে, “তোমালোকৰ মাজত কোনো ভয়াতুৰ বা সাহস নথকা হৃদয়ৰ লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওঁক; নহ’লে আন ইস্রয়েলীয়া ভাইসকলৰ মনোবল তেওঁৰ হৃদয়ৰ দৰে ভাঙি পৰিব।”
আপোনালোকে যদি নিজৰ মনতে ক’য়, যে, “এই জাতি সমূহ আমাতকৈ সংখ্যাত অধিক, আমি কেনেকৈ তেওঁলোকক উৎখাত কৰিম?”
ইস্ৰায়েলৰ সন্তান সকলৰ দেশত অনাকীয়া সকলৰ কোনো অৱশিষ্ট নাথাকিল, কেৱল গাজাত, গাতত আৰু অচ্দোদত্হে কোনো অৱশিষ্ট থাকিল।
কিন্তু মোৰ লগত যোৱা মোৰ ভাইসকলে লোকসকলক ভয় লগাই তেওঁলোকৰ হৃদয় পমিয়ালে৷ কিন্তু মই সম্পুৰ্ণৰূপে নিজ ঈশ্বৰ যিহোৱাৰ ইচ্ছা মতে চলিলোঁ।
কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহিমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে।
এই সকলোবোৰ বৃত্তান্ত শুনা মাত্ৰকে আমাৰ হৃদয়বোৰো ভয়ত আতংকিত হৈ আছে; এতিয়া তোমালোকৰ বিৰুদ্ধে যাবলৈ আমাৰ মাজত কোনো এজনৰো সাহস নাই৷ তোমালোকৰ ঈশ্ৱৰ যিহোৱা, তেৱেঁই ওপৰত থকা স্ৱর্গ আৰু তলত থকা পৃথিৱীৰ ঈশ্ৱৰ৷
আৰু তেওঁলোকে যিহোচূৱাক ক’লে, “সঁচাকৈ ঈশ্বৰ যিহোৱাই সেই গোটেই দেশ আমাৰ হাতত সমৰ্পণ কৰিলে; আমাৰ কাৰণে দেশ-নিবাসী আটাইবোৰ লোক ভয়ত আতংকিত হৈ আছে।”
আৰু তাই সেই মানুহ কেইজনক ক’লে, “মই জানিলোঁ যে, যিহোৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাসিত হৈছোঁ৷ আটাই দেশনিবাসীয়ে তোমালোকৰ আগত ভয়ত আতুৰ হৈ পৰিছে৷
তেওঁলোকে হিব্ৰোণৰ বাসিন্দা কনানীয়াসকলৰ বিৰুদ্ধে আগুৱাই গৈ চেচয়, অহিমন আৰু তল্ময়ক পৰাস্ত কৰিলে। হিব্ৰোণৰ আগৰ নাম আছিল কিৰিয়ৎ-অর্ব্ব।
মোচিৰ আজ্ঞা অনুসাৰে হিব্রুণ চহৰ কালেবক দিয়া হ’ল। অনাকৰ তিনিটা পুতেকক কালেবে হিব্ৰোণৰ পৰা খেদাই দিলে।