22 ইস্ৰায়েলৰ সন্তান সকলৰ দেশত অনাকীয়া সকলৰ কোনো অৱশিষ্ট নাথাকিল, কেৱল গাজাত, গাতত আৰু অচ্দোদত্হে কোনো অৱশিষ্ট থাকিল।
তাৰ পাছত গাত নিবাসী এজন বীৰ পলেষ্টীয়াসকলৰ ছাউনিৰ পৰা ওলাল, তেওঁৰ নাম গলিয়াথ, তেওঁ চাৰে ছয় হাত ওখ আছিল।
ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।
সেই বছৰত অচূৰৰ ৰজা চৰ্গোনে যেতিয়া তৰ্ত্তনক পঠালে, তেতিয়া তৰ্ত্তন অচ্দোদ নগৰলৈ আহিল; আৰু অচদোদৰ বিৰুদ্ধে যুদ্ধ কৰি তাক জব্দ কৰিলে।
পাছত উজ্জিয়াই যাত্ৰাত ওলাই গৈ পলেষ্টীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ তেওঁ গাত, যবনি আৰু অচ্দোদৰ গড়বোৰ ভাঙি পেলাইছিল আৰু অচদোদৰ অঞ্চলৰ লগতে ফিলিষ্টীয়াসকলৰ মাজত কেইবাখনো নগৰ সাজিছিল।
তাৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্রমণ কৰি পৰাজয় কৰিলে, ফিলিষ্টীয়াসকলৰ অধীনত থকা গাত আৰু তাৰ গাওঁবোৰ তেওঁ কাঢ়ি ল’লে।
তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল।
কিন্তু তিনি বছৰৰ মূৰত চিমিয়ীৰ দুজন দাসে পলাই গৈ মাখাৰ পুত্ৰ আখীচ নামেৰে গাতৰ ৰজাৰ ওচৰলৈ গ’ল। তেতিয়া লোকসকলে ক’লে “চোৱা, তোমাৰ বন্দীহঁত গাতত আছে”, এই বুলি কোনোবাই চিমিয়ীক ক’লে,
পলেষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি এবেন-এজৰৰ পৰা অচ্দোদলৈ নিলে।
সেই জাতিবোৰ হ’ল, পলেষ্টীয়াসকলৰ পাঁচজন শাসনকর্তা, কনানীয়াসকল, চীদোনীয়া আৰু হিব্বীয়া জাতি। বাল-হৰ্মোন পাহাৰৰ পৰা লেবো-হমাত (হমাতৰ গিৰিপথ) পর্যন্ত লিবানোনৰ যি পাহাৰী এলেকা আছে, এই হিব্বীয়াসকলে তাতে বাস কৰিছিল।
কিন্তু ফিলিপ পুনৰ আচদোদ নগৰত উপস্থিত হ’ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবার্তা প্রচাৰ কৰি চীজাৰিয়া পালে।
সেই ঠাইৰ লোকসকল অনাকীয়। তেওঁলোক শক্তিশালী আৰু ওখ। আপোনালোকে অনাকীয়াসকলৰ বিষয়ে জানে। তেওঁলোকৰ বিষয়ে এইবুলি কোৱা আপোনালোকে শুনিছিল যে, “অনাকীয় সন্তান সকলৰ আগত থিয় হ’ব পৰা কোন লোক আছে?”
কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহিমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে।
যিহূদা বংশই গাজা, অস্কিলোন, ইক্ৰোণ চহৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চলসমূহ দখল কৰিলে।
কপ্তোৰৰ পৰা কপ্তোৰীয়াসকলে আহি অবীয়াসকলক উচ্ছন্ন কৰি তেওঁলোকৰ সেই ঠাইত বসতি কৰিছিল। অব্বীয়াসকল তেতিয়া গাজা পর্যন্ত সকলো গাওঁবোৰতে বাস কৰি আছিল।
এইদৰে যিহোচূৱাই কাদেচ-বৰ্ণেয়াৰ পৰা গাজা আৰু গিবিয়োনলৈকে, গোচনৰ সকলো দেশ তৰোৱালেৰে আঘাত কৰি জয় কৰিলে।
অচ্দোদ, তাৰ উপনগৰ আৰু গাওঁ; গাজা,তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷