24 আৰু তেওঁলোকে যিহোচূৱাক ক’লে, “সঁচাকৈ ঈশ্বৰ যিহোৱাই সেই গোটেই দেশ আমাৰ হাতত সমৰ্পণ কৰিলে; আমাৰ কাৰণে দেশ-নিবাসী আটাইবোৰ লোক ভয়ত আতংকিত হৈ আছে।”
তেতিয়া ইদোমৰ প্রধান লোকসকলে ভয় কৰিলে; মোৱাবৰ সৈন্য সকল কঁপি উঠিল; কনান-বাসী সকলোৱেই দিশহাৰা হৈ গ’ল।
মই চূফ সাগৰৰ পৰা পলেষ্টীয়াসকলৰ সমুদ্ৰলৈকে, আৰু মৰুভূমিৰ পৰা ফৰাৎ নদীলৈকে তোমালোকৰ সীমা নিৰূপণ কৰিম। সেই দেশ নিবাসী সকলৰ ওপৰত মই তোমালোকক জয়ী কৰিম। তোমালোকে তোমালোকৰ আগৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰিবা।
শস্য দোৱাৰ সময়ত হিমৰ চেঁচা যেনে, বিশ্বাসী বাৰ্ত্তাবাহক পঠোৱা সকলৰ বাবে তেনে; তেওঁ তেওঁৰ মালিকৰ আত্মা সতেজ কৰে;
এই বিধান-পুস্তক খনৰ কথা তোমাৰ মুখৰ পৰা কেতিয়াও আঁতৰি নাযাওঁক; কিন্তু ইয়াতে থকা আটাইখিনি কথাকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ তুমি দিনে-ৰাতিয়ে ইয়াক ধ্যান কৰা; কিয়নো ইয়াকে কৰিলে তোমাৰ শুভগতি হ’ব আৰু তুমি কৃতকাৰ্য্য হ’বা।
তাৰ পাছত সেই মানুহ দুজন উলটি পৰ্বতৰ পৰা নামি নদী পাৰ হৈ নুনৰ পুত্ৰ যিহোচূৱাৰ ওচৰলৈ গ’ল আৰু তেওঁলোকলৈ ঘটা সকলো ঘটনাৰ বিষয়ে তেওঁক ক’লে।
পাছত যিহোৱাই যে ইস্ৰায়েলৰ সন্তানসকল পাৰ নোহোৱালৈকে যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিলে, এই কথা যৰ্দ্দনৰ পশ্চিম পাৰে থকা ইমোৰীয়াসকলৰ সকলো ৰজাই আৰু সমুদ্ৰৰ ওচৰত থকা কনানীয়াসকলৰ সকলো ৰজাই যেতিয়া শুনিলে, তেতিয়া তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ গ’ল আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে তেওঁলোকৰ পুনৰ সাহস নহ’ল।
পাছত যিহোৱাই যিহোচূৱাক ক’লে, “চোৱা, মই যিৰীহোক, ইয়াৰ ৰজাক আৰু তাৰ প্ৰশিক্ষিত বীৰপুৰুষসকলক তোমাৰ হাতত সমৰ্পণ কৰিলোঁ।
পাছত যিহোৱাই যিহোচূৱাক ক’লে, “তুমি ভয় নকৰিবা আৰু ব্যাকুল নহ’বা৷ যুদ্ধ কৰিব পৰা লোকসকলক তোমাৰ লগত লোৱা৷ উঠা, অয়লৈ যাত্ৰা কৰা৷ চোৱা, মই অয়ৰ ৰজাক, তাৰ প্ৰজাসকলক, তাৰ নগৰ আৰু তাৰ দেশ তোমাৰ হাতত শোধাই দিলোঁ।
উত্তৰত যিহোৱাই ক’লে, “প্রথমে যিহূদা ফৈদৰ লোকসকল যাব; চোৱা, মই তেওঁলোকৰ হাততে এই দেশ সমৰ্পণ কৰিলোঁ।”
যেতিয়া তোমালোকে সেই দেশলৈ যাবা, তেতিয়া তাৰ লোকসকলক নিশ্চিন্তে থকা দেখা পাবা; আৰু সেই দেশ বহল; কিয়নো ঈশ্বৰে তোমালোকৰ হাতত সেই দেশ সমৰ্পণ কৰিলে আৰু সেই ঠাইত পৃথিৱীত থকা কোনো বস্তুৰ অভাৱ নাই।”
সেইদিনা ৰাতি যিহোৱাই তেওঁক ক’লে, “উঠা! ছাউনি আক্রমণ কৰা। কিয়নো মই সেই ছাউনি তোমাৰ হাতত দিলোঁ।