গীত 119:95 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে; কিন্তু মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ। |
অহঙ্কাৰীবোৰে মোৰ অহিতে মিছা কথা ৰচিছে; কিন্তু মই হ’লে সমস্ত চিত্তেৰে তোমাৰ আদেশবোৰ পালন কৰোঁ।
দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, তেতিয়া মোৰ সেই শত্রু আৰু বিৰোধীবোৰ উজুতি খাই পৰে।
যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে, যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়; তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।
তেতিয়া পিতৰে চেতনা পাই কলে, “প্ৰভুৱে তেওঁৰ দূত পঠিয়াই হেৰোদৰ হাতৰ পৰা আৰু ইহুদী লোকৰ সকলো আকাংক্ষাৰ পৰা মোক যে উদ্ধাৰ কৰিলে, এতিয়াহে মই নিশ্চয়কৈ জানিছোঁ৷”
এতেকে আপুনি তেওঁলোকৰ কথা নুশুনিব, কাৰণ তেওঁলোক চল্লিশ জনতকৈ অধিক মানুহে পৌলক বধ নকৰালৈকে ভোজন-পান নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছে আৰু এই প্ৰতিজ্ঞাৰে নিজকে বান্ধি খাপ দি আছে৷ আনকি তেওঁলোক সাঁজু হৈ আপোনাৰ অনুমতিলৈ বাট চাই আছে৷”
এনে উদ্দেশ্যেৰে ফীষ্টক অনুগ্ৰহ যাচনা কৰি নিবেদন কৰিলে, যাতে তেওঁ মানুহ পঠাই পৌলক যিৰূচালেমলৈ লৈ আহে, আৰু তেওঁলোকে যেন বাটতে খাপ দি পৌলক বধ কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে।