94 মই তোমাৰেই, মোক ৰক্ষা কৰা; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলোঁ।
মই তোমাকেই মাতিছো, মোক উদ্ধাৰ কৰা; মই তোমাৰ সকলো আজ্ঞা মানি চলিম।
মোৰ নিবেদনবোৰ তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ প্রতিজ্ঞাৰ দৰে মোক উদ্ধাৰ কৰা।
তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক; কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ।
তোমাৰ আজ্ঞাৰ পথবোৰ মোক বুজাই দিয়া; তাতে মই তোমাৰ আচৰিত কাৰ্যবোৰ ধ্যান কৰিম।
চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাংক্ষা কৰি আছোঁ; তোমাৰ ধাৰ্মিকতাৰে মোক সঞ্জীৱিত কৰা।
মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলোঁ।
পৰিত্ৰাণ যিহোৱাতে আছে; তোমাৰ লোকসকলৰ ওপৰত তোমাৰ আশীৰ্ব্বাদ নামি আহঁক। (চেলা)
মোৰ প্ৰাণ ৰক্ষা কৰা; কিয়নো মই তোমাৰ ভক্ত; তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ ওপৰত ভাৰসা কৰা দাসক তুমি পালন কৰা।
মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয়ও মোৰেই; তেওঁ লিলি ফুলৰ বনত আনন্দেৰে চৰে। চলোমন আৰু তেওঁৰ কইনাই পৰস্পৰত আনন্দিত হোৱা প্রিয়ৰ কথা:
যিজনাই তোমাক নিৰ্ম্মাণ কৰিলে, আৰু তোমাক গৰ্ভত গঠন কৰিলে, যিজনাই তোমাক সহায় কৰিব, সেই যিহোৱাই এই কথা কৈছে, “হে মোৰ দাস যাকোব, আৰু মই মনোনীত কৰা যিচুৰূণ, ভয় নকৰিবা।”
এজনে ক’ব, মই যিহোৱাৰেই, আনজনে নিজকে যাকোবৰ বুলি ক’ব, আৰু আন এজনে ‘মই যিহোৱাৰ হ’য়’এই বুলি নিজৰ হাতত লিখিব, আৰু ইস্ৰায়েলৰ নামেৰে জনাজাত হ’ব।”
হে যিহোৱা, মোক সুস্থ কৰা, তাতে মই সুস্থ হম! মোক ৰক্ষা কৰা, তেতিয়া মই পৰিত্ৰাণ পাম। কিয়নো তুমি মোৰ প্ৰশংসাৰ স্থল।
তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে; সেই পৰাক্রমীজনে তোমাক ৰক্ষা কৰিব; তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব; তেওঁ তেওঁৰ গভীৰ প্রেমেৰে সৈতে তোমাৰ বিষয়ে নীৰব হ’ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব।