12 যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে, যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়; তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।
তেওঁ মোৰ ভাই-ককাইবোৰক মোৰ পৰা দূৰ কৰিলে, আৰু মোৰ চিনাকি লোক সকল মোলৈ একেবাৰে অচিনাকি হ’ল।
তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে; তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে; তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।
দুষ্টবোৰে মোলৈ ফান্দ পাতিলে; তথাপি মই তোমাৰ আদেশবোৰৰ পৰা বিপথে যোৱা নাই।
অহঙ্কাৰীবোৰে মোলৈ গুপুতে ফান্দ প্রস্তুত কৰিলে; তেওঁলোকে জৰীবোৰ জালৰ দৰে মেলিলে; তেওঁলোকে বাটৰ কাষত মোলৈ ফান্দ পাতিলে। [চেলা]
তেওঁলোকে মোৰ কাৰণে যি জাল পাতিছে, তাৰ পৰা মোক ৰক্ষা কৰা, অধার্মিকবোৰৰ ফান্দৰ পৰা মোক ৰক্ষা কৰা।
মৃত ব্যক্তিক পাহৰি যোৱাৰ দৰে, মানুহবোৰে মোক পাহৰি গৈছে; মই যেন এটা ভগা পাত্ৰৰ দৰে হ’লো।
কিয়নো তেওঁলোকে শান্তিজনক কথা নকয়, কিন্তু দেশত শান্তভাৱে বাস কৰা লোকসকলৰ বিৰুদ্ধে তেওঁলোকে ছলনাভৰা কথা কল্পনা কৰে।
যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশলৈ পৰিকল্পনা কৰে, তেওঁলোক উলটি যাওঁক, হতাশ হওঁক।
মোৰ শত্রুবোৰে মোৰ বিৰুদ্ধে হিংসা কৰি কয়, “সি কেতিয়া মৰিব? কেতিয়া তাৰ নাম লুপ্ত হব?”
কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে; তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। [চেলা]
কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে; আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল।
দুখতে মোৰ চকুৰ দৃষ্টি কমি আহিছে; হে যিহোৱা, প্রতিদিনে মই তোমাৰ আগত প্ৰাৰ্থনা কৰিছোঁ; মই তোমালৈ মোৰ হাত মেলি ৰাখিছোঁ।
যদি দৰিদ্ৰ লোকৰ ভায়েক সকলে তেওঁক ঘিণ কৰে; তেনেহলে তাতকৈ কিমান অধিক পৰিমাণে তেওঁৰ বন্ধুসকল তেওঁৰ পৰা আঁতৰি যাব! তেওঁ তেওঁলোকক আহ্বান কৰে, কিন্তু তেওঁলোক আতৰি যায়।