তুমি সেই পৰ্দাবোৰ, সোণৰ পতা মৰা চিটীম কাঠৰ চাৰিটা খুটাৰ ওপৰত ওলমাই দিবা। সেই খুটাবোৰৰ হাঁকোটা সোণৰ হ’ব লাগিব, আৰু সেই খুঁটা ৰূপৰ চাৰিটা চুঙীৰ ওপৰত থাকিব।
গননা 3:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আবাসৰ তক্তা, তাৰ ডাং, তাৰ খুঁটা, তাৰ চুঙী আৰু তাৰ সকলো বস্তু মৰাৰীৰ সন্তান সকলৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় আটাই কাৰ্য তেওঁলোকে কৰিব, |
তুমি সেই পৰ্দাবোৰ, সোণৰ পতা মৰা চিটীম কাঠৰ চাৰিটা খুটাৰ ওপৰত ওলমাই দিবা। সেই খুটাবোৰৰ হাঁকোটা সোণৰ হ’ব লাগিব, আৰু সেই খুঁটা ৰূপৰ চাৰিটা চুঙীৰ ওপৰত থাকিব।
সেই পৰ্দা ওলমাবলৈ চিটীম কাঠৰ পাঁচটা খুঁটা যুগুত কৰিবা, আৰু সেইবোৰত সোণৰ পতা মাৰিবা। সেইবোৰৰ হাঁকোটা সোণৰ হ’ব; আৰু সেইবোৰৰ বাবে পিতলৰ পাঁচটা চুঙী সাঁচত ঢালিবা।
পৰ্দাৰ বাবে চিটীম কাঠৰ চাৰিটা খুঁটা বনাই, সেইবোৰত সোণৰ পতা মাৰিলে। খুটাৰ বাবে সোণৰ হাঁকোটা গঢ়ালে, আৰু ৰূপৰ চাৰিটা চুঙী সাঁচত ঢালিলে।
তেওঁলোকে মোচিৰ ওচৰলৈ সেই আবাস লৈ গ’ল; তম্বু, আৰু তাৰ সকলো সামগ্রী, তাৰ হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী।
অবীহয়িলৰ পুত্ৰ চুৰীয়েল মৰাৰীৰ গোষ্ঠী সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব। তেওঁলোকে আবাসৰ উত্তৰফালে কাষত তম্বু তৰি থাকিব।
ইয়াৰ লগতে চোতালৰ চাৰিওফালে থকা খুটাবোৰ আৰু সেইবোৰৰ চুঙী, খুটি আৰু ৰছী তেওঁলোকৰ জিম্মাত থাকিব।
তেওঁ মৰাৰীৰ সন্তান সকলক চাৰিখন গাড়ী আৰু আঠটা ষাঁড়-গৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ দায়িত্বত দিলে। তেওঁলোকৰ কাৰ্যৰ প্রয়োজন অনুসাৰে মোচিয়ে এনে কৰিলে।