18 আবাসৰ খুঁটা, চোতালৰ খুটাৰ সৈতে সেইবোৰৰ ৰচি।
আবাসৰ কাৰ্যত ব্যৱহাৰ হোৱা সকলো সামগ্রী, আবাস আৰু চোতালৰ কাৰণে সকলো তম্বুৰ খুটি পিতলৰ হ’ব লাগিব।
তেওঁলোকে চোতালত ওলমাবলৈ তাৰ খুঁটা, চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দাবোৰ,
তেওঁলোকে পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবৰ বাবে বোৱা মিহি বস্ত্ৰ, পুৰোহিতৰ কৰ্ম কৰিবলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ আনিব।”
তোমালোকৰ তম্বু ডাঙৰ কৰা, আৰু তম্বুবোৰ পর্দাবোৰ যিমান পাৰা বহলাই দিয়া; তোমালোকৰ জৰীবোৰ দীঘল কৰা আৰু খুটিবোৰ শক্তিশালী কৰা।
আবাসৰ আৰু যজ্ঞবেদীৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দ্দাবোৰৰ যত্ন ল’ব। তাৰ আটাই কামৰ ৰছী, সাক্ষাৎ কৰা তম্বুৰ এই সকলো বস্তু তেওঁলোকৰ জিম্মাত থাকিব।
আবাসৰ আৰু যজ্ঞবেদীৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দা, সেইবোৰৰ ৰছী আৰু তাৰ কাম কৰা আটাই হাতিয়াৰ, এইবোৰ তেওঁলোকে বব আৰু এইবোৰৰ সম্পৰ্কীয় যি যি কাম কৰিব লগা হ’ব, তাকো কৰিব লাগিব।