Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 26:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 তুমি সেই পৰ্দাবোৰ, সোণৰ পতা মৰা চিটীম কাঠৰ চাৰিটা খুটাৰ ওপৰত ওলমাই দিবা। সেই খুটাবোৰৰ হাঁকোটা সোণৰ হ’ব লাগিব, আৰু সেই খুঁটা ৰূপৰ চাৰিটা চুঙীৰ ওপৰত থাকিব।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 26:32
6 পৰস্পৰ সংযোগসমূহ  

বাগিছাৰ চোতাল খন বগা আৰু বেঙুনীয়া কপাহী পৰ্দাৰে সজোৱা হৈছিল। পৰ্দাবোৰ মিহি শণ সুতা আৰু ৰঙা-বেঙেনা বৰণীয়া ৰচিৰে মমৰ শিলৰ খুটাত লগোৱা ৰূপৰ আঙুঠিত বন্ধা আছিল। ইয়াত বিচিত্ৰ চানেকীৰে টান শিলেৰে বন্ধা পদ পথ, মৰ্মৰ‍ শিল, মুকুতা আৰু চেপেটা শিলাখণ্ডত সোণৰ আৰু ৰূপৰ আসনবোৰ আছিল।


ৰঙা ৰং কৰা মেৰ-ছাগ পোৱালীৰ ছাল, গৰুৰ মিহি ছাল, চিটীম কাঠ,


তুমি নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এখন পৰ্দা যুগুত কৰিবা। সেই পৰ্দা নিপুণ শিল্পকাৰে কৰূবৰ নক্সাৰে তৈয়াৰ কৰিব লাগিব।


তুমি পৰ্দাবোৰ হাঁকোটাবোৰত ওলমাবা; আৰু তাৰ ভিতৰলৈ নিয়ম চন্দুকৰ সাক্ষ্য ফলি আনিবা। সেই পৰ্দাই পবিত্ৰ-স্থান আৰু অতি পবিত্ৰ-স্থানৰ মাজত প্ৰভেদ ৰাখিব।


সেই পৰ্দা ওলমাবলৈ চিটীম কাঠৰ পাঁচটা খুঁটা যুগুত কৰিবা, আৰু সেইবোৰত সোণৰ পতা মাৰিবা। সেইবোৰৰ হাঁকোটা সোণৰ হ’ব; আৰু সেইবোৰৰ বাবে পিতলৰ পাঁচটা চুঙী সাঁচত ঢালিবা।


পৰ্দাৰ বাবে পাঁচোটা খুঁটা আৰু সেইবোৰৰ হাঁকোটা বনালে। খুটাবোৰৰ ওপৰভাগত আৰু মাৰিবোৰত সোণৰ পতা মাৰিলে। সেইবোৰৰ বাবে পাঁচটা পিতলৰ চুঙী তৈয়াৰ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন