গননা 21:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মোচিয়ে যাজেৰক গুপুতে চাবলৈ মানুহ পঠালে। তাৰ পাছত লোকসকলে তাৰ সকলো উপনগৰ হাত কৰি লৈ, তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে। |
পাছত তেওঁলোকে যৰ্দ্দন পাৰ হৈ অৰোয়েৰৰ মাজত থকা নগৰ খনৰ সোঁফালে ছাউনি পাতিলে; আৰু তেওঁলোকে গাদ ও যাজেৰলৈকে গ’ল।
হে চিবমাৰ দ্ৰাক্ষালতা, মই যাজেৰৰ ক্ৰন্দনতকৈয়ো তোমাৰ বিষয়ে অধিক কৈ ক্ৰন্দন কৰিম তোমাৰ ডালবোৰ সমুদ্ৰৰ সিপাৰলৈকে গৈছিল সেয়ে যাজেৰৰ সমুদ্ৰলৈকেও ফেৰ মেলিছিল; তোমাৰ ঘামকালিৰ ফলৰ বাবে আৰু তোমাৰ চপাবলগীয়া দ্ৰাক্ষা গুটিৰ বাবে বিনাশক আহিল।
ৰূবেণৰ সন্তান সকলৰ আৰু গাদৰ সন্তান সকলৰ অতিশয় অধিক পশুৰ জাক আছিল; এই কাৰণে তেওঁলোকে যেতিয়া যাজেৰ আৰু গিলিয়দ দেশখন দেখিলে, তেওঁলোকে তেওঁলোকৰ পশুবোৰৰ কাৰণে সেই ঠাই ভাল দেখিলে।
তেওঁলোকৰ সীমা যাজেৰ আৰু গিলিয়দৰ সকলো নগৰ আৰু ৰব্বাৰ পূবে থকা অৰোয়েৰলৈকে অম্মোনৰ সন্তান সকলৰ আধা দেশ,
মই তোমালোকৰ আগে আগে কোদো পঠালোঁ; তাতে সেই কোদোৱে তোমালোকৰ আগৰ পৰা তেওঁলোকক, বিশেষকৈ ইমোৰীয়াসকলৰ দুজন ৰজাক দূৰ কৰিলে৷ তোমালোকৰ তৰোৱাল বা ধনুৰ দ্বাৰাই তেওঁলোকক দূৰ কৰা হোৱা নাছিল।