Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 48:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

32 হে চিবমাৰ দ্ৰাক্ষালতা, মই যাজেৰৰ ক্ৰন্দনতকৈয়ো তোমাৰ বিষয়ে অধিক কৈ ক্ৰন্দন কৰিম তোমাৰ ডালবোৰ সমুদ্ৰৰ সিপাৰলৈকে গৈছিল সেয়ে যাজেৰৰ সমুদ্ৰলৈকেও ফেৰ মেলিছিল; তোমাৰ ঘামকালিৰ ফলৰ বাবে আৰু তোমাৰ চপাবলগীয়া দ্ৰাক্ষা গুটিৰ বাবে বিনাশক আহিল।

অধ্যায়টো চাওক কপি কৰক




যিৰি 48:32
13 পৰস্পৰ সংযোগসমূহ  

মোচিয়ে যাজেৰক গুপুতে চাবলৈ মানুহ পঠালে। তাৰ পাছত লোকসকলে তাৰ সকলো উপনগৰ হাত কৰি লৈ, তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।


কিৰিয়াথয়িম, চিবমা, উপত্যকাৰ পৰ্ব্বতটোত থকা চেৰৎ-চহৰ৷


হে দীবোন-নিবাসিনী জীয়াৰী, তুমি তোমাৰ প্ৰতাপৰ পৰা নামি তৃষ্ণাতুৰা হৈ মাটিত বহা; কিয়নো মোৱাবৰ সংহাৰক তোমাৰ বিৰুদ্ধে উঠি আহিলে, তেওঁ তোমাৰ দুৰ্গবোৰ বিনষ্ট কৰিলে।


মোৱাব উচ্ছন্ন হ’ল, আৰু তাৰ নগৰবোৰ ধুঁৱা হৈ উড়ি গ’ল আৰু তাৰ মনোনীত ডেকা লোকসকল বধৰ ঠাইলৈ নামি গ’ল, বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই ইয়াক কৈছে।


প্ৰত্যেক নগৰলৈ বিনাশক আহিব আৰু কোনো নগৰ ৰক্ষা নাপাব; যিহোৱাৰ বাক্য অনুসাৰে তলভূমি বিনষ্ট হ’ব, সমতলো বিনষ্ট হ’ব।


আৰু চোৱা, মই হ’লে যি কলদীয়াসকল আমাৰ ওচৰলৈ আহিব, তেওঁলোকৰ আগত থিয় হ’বলৈ মিস্পাত বাস কৰিম; কিন্তু তোমালোকে দ্ৰাক্ষাৰস, ফল আৰু তেল গোটাই নিজ নিজ পাত্ৰত ৰাখা আৰু তোমালোকে লোৱা নিজ নিজ নগৰত বাস কৰা।”


মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে হিচবোন আৰু চৰণীয়া ঠায়ৰে সৈতে যাজেৰ, মুঠতে এই চাৰিখন নগৰ দিলে।


নবো, আৰু বাল-মিয়োন, আৰু চিবমাও পুনৰায় নিৰ্ম্মাণ কৰিলে; তেওঁলোকে পুনৰায় নিৰ্ম্মাণ কৰা নগৰৰ নাম নতুনকৈ দিলে।


অটাৰোৎ-চোফন, যাজেৰ, যগ্বেহা,


ৰূবেণৰ সন্তান সকলৰ আৰু গাদৰ সন্তান সকলৰ অতিশয় অধিক পশুৰ জাক আছিল; এই কাৰণে তেওঁলোকে যেতিয়া যাজেৰ আৰু গিলিয়দ দেশখন দেখিলে, তেওঁলোকে তেওঁলোকৰ পশুবোৰৰ কাৰণে সেই ঠাই ভাল দেখিলে।


তেওঁলোকৰ সীমা যাজেৰ আৰু গিলিয়দৰ সকলো নগৰ আৰু ৰব্বাৰ পূবে থকা অৰোয়েৰলৈকে অম্মোনৰ সন্তান সকলৰ আধা দেশ,


অটাৰোৎ, দীবোন, যাজেৰ, নিম্ৰা, হিচবোন, ইলিয়ালি, চিবাম, নবো আৰু বিয়োন,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন