Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহো 24:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 মই তোমালোকৰ আগে আগে কোদো পঠালোঁ; তাতে সেই কোদোৱে তোমালোকৰ আগৰ পৰা তেওঁলোকক, বিশেষকৈ ইমোৰীয়াসকলৰ দুজন ৰজাক দূৰ কৰিলে৷ তোমালোকৰ তৰোৱাল বা ধনুৰ দ্বাৰাই তেওঁলোকক দূৰ কৰা হোৱা নাছিল।

অধ্যায়টো চাওক কপি কৰক




যিহো 24:12
13 পৰস্পৰ সংযোগসমূহ  

ইয়াৰ বাহিৰেও, যিসকল অৱশিষ্ট লোক আপোনালোকৰ পৰা লুকাই থাকিব, তেওঁলোক বিনষ্ট নহয় মানে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকৰ মাজলৈ কোদো পঠাই দিব।


মই তোমালোকৰ আগেয়ে কোদো পঠাম; সেয়ে সেইবোৰে হিব্বীয়া, কনানীয়া, আৰু হিত্তীয়া সকলক তোমালোকৰ আগৰ পৰা খেদি পঠিয়াব।


মই চূফ সাগৰৰ পৰা পলেষ্টীয়াসকলৰ সমুদ্ৰলৈকে, আৰু মৰুভূমিৰ পৰা ফৰাৎ নদীলৈকে তোমালোকৰ সীমা নিৰূপণ কৰিম। সেই দেশ নিবাসী সকলৰ ওপৰত মই তোমালোকক জয়ী কৰিম। তোমালোকে তোমালোকৰ আগৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰিবা।


তুমি তাৰ কাৰণে ভূমি পৰিস্কাৰ কৰিলা; তাতে দ্রাক্ষালতাই দকৈ শিপা ধৰি দেশখনকে জুৰিলে।


এইদৰে ইস্ৰায়েলে ইমোৰীয়াসকলৰ দেশত বাস কৰিবলৈ ধৰিলে।


মোচিয়ে যাজেৰক গুপুতে চাবলৈ মানুহ পঠালে। তাৰ পাছত লোকসকলে তাৰ সকলো উপনগৰ হাত কৰি লৈ, তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।


যেতিয়া তেওঁলোক যৰ্দ্দনৰ পূবফালে অর্থাৎ বৈৎ-পিয়োৰৰ বিপৰীতৰ উপত্যকাত, চিহোন দেশত বস-বাসকৰা ইমোৰীয়াসকলৰ ৰজা, যি জন হিচবোন-নিবাসি আছিল। মিচৰ দেশৰ পৰা ওলাই অহা সময়ত ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজিত কৰিছিল।


তেওঁলোকে চীহোন অধিকাৰ কৰি ল’লে আৰু ইয়াৰ বাহিৰেও বাচানৰ ৰজা ওগৰ দেশ অধিকাৰ কৰি লৈছিল। ইমোৰীয়াসকলৰ এই ৰজা দুজন যৰ্দ্দন নদীৰ পূবদিশত বাস কৰিছিল।


ইমোৰীয়াসকলৰ ৰজা চীহোন আৰু ওগ এই দুজনক আৰু তেওঁলোকৰ দেশক যিহোৱাই যেনেকৈ বিনষ্ট কৰিছিল, তেনেকৈয়ে তেওঁ এই সকলো জাতিকে বিনষ্ট কৰিব।


আমি শুনিবলৈ পাইছোঁ যে, তোমালোকে মিচৰৰ পৰা ওলাই অহা সময়ত যিহোৱাই তোমালোকৰ সাক্ষাতে চূফ সাগৰৰ পানী শুকুৱাইছিল আৰু আমি ইয়াকো শুনিলো যে, তোমালোকে যৰ্দ্দনৰ সিটো পাৰত থকা ইমোৰীয়াসকলৰ চীহোন আৰু ওগ নামৰ ৰজা দুজনক কেনে ব্যৱহাৰ কৰি নিঃশেষে বিনষ্ট কৰিছিলা।


তাৰ ছাঁয়াত পাহাৰ-পৰ্ব্বতবোৰ ঢাক খাই গ’ল; তাৰ ডালবোৰে বৃহৎ এৰচ গছবোৰ ঢাকি পেলালে;


ইমোৰীয়াবোৰৰ ৰজা চীহোন, বাচানৰ ৰজা ওগক বধ কৰিলে; কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন