ইয়ো 5:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে তোমাৰ তম্বু যে কুশলে আছে, সেই বিষয়ে তুমি জানিবলৈ পাবা, আৰু তোমাৰ নিবাসৰ ঠাইত তুমি বুজ ল’লে, আশাত বঞ্চিত নহবা। |
তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা, তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ কাৰণে কাৰ্য কৰিব, আৰু তোমাৰ ধৰ্মনিবাস পুনৰায় কুশলযুক্ত কৰিব;
তুমি যোৱা, আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক একত্রিত কৰি সমবেত কৰোঁৱা। তেওঁলোকক ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক দৰ্শন দি ক’লে যে, ‘মই তোমালোকক নিৰীক্ষণ কৰিলোঁ আৰু তোমালোকক মিচৰত কেনে ব্যৱহাৰ কৰিছে, সেয়া মই দেখিলোঁ।
যেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকল সেই নগৰলৈ আহিল, তেতিয়া নগৰখন জুইৰে পুৰি পেলোৱা হৈছে আৰু তাত থকা মহিলা, সন্তান আৰু জীয়ৰীবোৰক বন্দী কৰি লৈ গৈছে।