Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইয়ো 5:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 তোমাৰ সন্তান-সন্ততি যে অধিক হ’ব, আৰু তোমাৰ বংশ যে পৃথিবীত তৃণৰ দৰে বাঢ়িব, সেই বিষয়েও তুমি জানিবলৈ পাবা।

অধ্যায়টো চাওক কপি কৰক




ইয়ো 5:25
11 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব; ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।


পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।


আপোনালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰ-ছাগ পোৱালিবোৰৰ বৃদ্ধিত আশীৰ্ব্বাদ পাব।


তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।”


মই তোমালোকলৈ অনুগ্রহেৰে দৃষ্টি কৰি তোমালোকক বহুবংশ কৰিম; আৰু অতিশয়ৰূপে বৃদ্ধি কৰিম; আৰু মই তোমালোকৰ লগত কৰা মোৰ নিয়মটি সিদ্ধ কৰিম।


তোমালোকৰ বংশ বালিৰ দৰে অসংখ্য, আৰু তোমালোকৰ ঔৰসত জন্মা সন্তান বালিৰ কণিকা সমূহৰ দৰে অসংখ্য হ’লহেঁতেন; তেওঁলোকৰ নাম মোৰ আগৰ পৰা লুপ্ত বা নষ্ট নহ’ব।


মই তোমাৰ বংশৰ লোকসকলক পৃথিবীৰ ধূলিৰ নিচিনা অসংখ্য কৰিম; কোনোৱে যদি পৃথিবীৰ ধূলি গণিব পাৰে, তেন্তে তোমাৰ বংশকো গণিব পাৰিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন