Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




ইয়ো 5:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।

অধ্যায়টো চাওক কপি কৰক




ইয়ো 5:23
10 পৰস্পৰ সংযোগসমূহ  

ৰাংকুকুৰ আৰু মেৰ-ছাগ পোৱালি একে ঠাইতে চৰিব, সিংহই গৰুৰ দৰে খেৰ খাব, আৰু ধূলিয়েই সৰ্পৰ আহাৰ হ’ব। যিহোৱাই কৈছে, মোৰ সমস্ত পৰ্ব্বতত কোনেও কাকো অপকাৰ কি বিনষ্ট নকৰিব।


আৰু মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম, আৰু দেশৰ পৰা হিংসুক জন্তুবোৰ দূৰ কৰিম; যেন তেওঁলোকে মৰুভূমিত নিৰ্ভয়ে বাস কৰিব, আৰু কাঠনিত টোপনি যাব।


আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব, পৃথিৱীয়ে নিজৰ শস্য দিব, আৰু তেওঁলোক নিজৰ দেশত নিৰ্ভয়ে থাকিব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব, যেতিয়া মই তেওঁলোকৰ যুৱলিৰ শলমাৰি ভাঙি তেওঁলোকক বন্ধীকাম কৰোঁৱাবোৰৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিম।


মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোৰ অনিষ্ট কৰা নাই; কাৰণ তেওঁৰ সন্মুখত মোক নিৰ্দ্দোষী পালে; আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই।”


মই সেইদিনা তোমাৰ কাৰণে বনৰীয়া জন্তু, আকাশৰ চৰাই, আৰু মাটিত বগাই ফুৰা প্রাণীবোৰেৰে সৈতে এটি নিয়ম স্থাপন কৰিম; সকলোৱে যাতে নিৰাপদে শুব পাৰে, তাৰ বাবে মই দেশৰ পৰা ধনু, তৰোৱাল, আৰু যুদ্ধ দূৰ কৰিম।


আৰু মই দেশত শান্তি দান কৰিম; তাতে তোমালোকক কোনেওঁ ভয় নোখোৱাকৈ তোমালোকে শুবলৈ পাবা; মই তোমালোকৰ দেশৰ পৰা হিংসুক জন্তুবোৰ নাইকিয়া কৰিম, আৰু তোমালোকৰ দেশৰ মাজেদি তৰোৱাল নচলিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন