ইয়ো 13:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা, মোৰ সকলো পথৰ চিন ৰাখিছা, আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা, |
তেওঁ ক্ৰোধত মোক বিদাৰিলে, আৰু তাড়নাও কৰিলে; তেওঁ মোলৈ দাঁত কৰচিলে; মোক চকুৰপানীয়ে পৃথক কৰে, মোৰ শত্রুৱে মোলৈ দৃঢ়ভাবে চাই থাকে;
তাৰ পাছত চয়তান যিহোৱাৰ সন্মুখৰ পৰা ওলাই গ’ল আৰু ইয়োবক আঘাত কৰিলে, তেতিয়া তেওঁৰ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষ খহু উৎপন্ন হ’ল।
যাৰ পথ গুপ্ত থাকে, আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিয়ে, এনে মানুহক কিয় পোহৰ দিয়া হয়?
তেওঁ যিৰিমিয়া ভাববাদীক প্ৰহাৰ কৰি, যিহোৱাৰ গৃহত থকা ওপৰ-দুৱাৰৰ কুন্দাত বন্ধ কৰি ৰাখিলে।
কাৰাগাৰৰ অধ্যক্ষই এই আদেশ পাই পৌল আৰু চীলক জেলৰ ভিতৰ কক্ষলৈ নি কাঠৰ বেৰিত তেওঁলোকৰ ভৰি আৱদ্ধ কৰি বান্ধি থলে।