22 তেওঁ কাটিবলৈ নিয়া গৰুৰ দৰে বা ফান্দত ধৰা পৰা হৰিণৰ দৰে তাইৰ পাছে পাছে গ’ল।
তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা, মোৰ সকলো পথৰ চিন ৰাখিছা, আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা,
যিজনে পৰস্ত্ৰীৰ সৈতে সহবাস কৰে তেওঁ জ্ঞানশূন্য; যি মানুহে এনে কাৰ্য কৰে, তেওঁ নিজকে ধ্বংস কৰে।
তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে।
যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঁড়ে নিবিন্ধে বা চৰাই জালৰ ফান্দত পৰিবলৈ যিদৰে শীঘ্ৰে উড়ি যোৱাৰ দৰে, ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ’ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল।
তেওঁ যিৰিমিয়া ভাববাদীক প্ৰহাৰ কৰি, যিহোৱাৰ গৃহত থকা ওপৰ-দুৱাৰৰ কুন্দাত বন্ধ কৰি ৰাখিলে।
নগৰৰ ঠিক বাহিৰতে জীউছৰ যি মন্দিৰ আছিল, তাৰ পুৰোহিতে কেইটামান ষাঁড় গৰু আৰু ফুলৰ মালা লৈ নগৰৰ দুৱাৰমুখলৈ আহিল; পুৰোহিত আৰু মানুহবোৰে সেইবোৰৰ বলি উৎসর্গ কৰিবলৈ বিচাৰিলে।
কাৰাগাৰৰ অধ্যক্ষই এই আদেশ পাই পৌল আৰু চীলক জেলৰ ভিতৰ কক্ষলৈ নি কাঠৰ বেৰিত তেওঁলোকৰ ভৰি আৱদ্ধ কৰি বান্ধি থলে।