26 কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা, আৰু মোক যৌবন-কালৰ অপৰাধৰ উত্তৰাধিকৰী কৰিছা।
তেতিয়া ল’ৰাটিৰ মাতৃয়ে এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি সমন্ধ? আপুনি জনো মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈ আহিছে!”
তাৰ অস্থিবোৰ ডেকা কালৰ শক্তিৰ পৰিপূৰ্ণ, কিন্তু ইয়ো তাৰ লগত ধূলিত শুব।
দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়? মনত বিষাদ পোৱাসকলক কিয় জীয়াই থাকিবলৈ দিয়া হয়?
তেওঁ মোক উশাহকে ল’ব নিদিব, কিন্তু মোক তিতাৰেহে পৰিপূৰ্ণ কৰিব।
মোৰ যৌৱন কালৰ পাপ আৰু অপৰাধবোৰ তুমি সোঁৱৰণ নকৰিবা; হে যিহোৱা, তুমি তোমাৰ অসীম প্রেমৰ দ্বাৰাই আৰু তোমাৰ মঙ্গলদায়ক গুণেৰেই মোক সোঁৱৰণ কৰা।
নিশ্চয়ে মই ঘূৰাৰ পাছতে মই মন পালটালোঁ; আৰু মই শিক্ষা পোৱাৰ পাছত মই শোকত মোৰ বুকুত চপৰিয়ালোঁ; মোৰ ডেকা কালৰ অপমান ভাৰ বোৱাৰ কাৰণে মই লাজ পালোঁ এনে কি, বিবৰ্ণ হলোঁ।’
পাছত যীচুৱে মন্দিৰত তেওঁক দেখা পাই ক’লে, “চোৱা তুমি এতিয়া সুস্থ হ’লা!! আৰু পাপ নকৰিবা, যাতে তোমাৰ অধিক ক্ষতি নহয়।”
তাত আঠত্রিশ বছৰ ধৰি বেমাৰ ভোগ কৰি থকা এজন ৰুগীয়া মানুহ আছিল।
তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোক নয়মী বুলি নামাতিবা, কিন্তু মাৰা বুলি মাতিবা। কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ জীৱন তিক্ততাৰে পৰিপূৰ্ণ কৰিলে।