তাতে যোচেফে জ্যেষ্ঠ পুত্ৰৰ নাম মনচি হ’ল; কিয়নো তেওঁ ক’লে, “ঈশ্বৰে মোৰ সকলো দুখ আৰু নিজ পিতৃৰ ঘৰকো পাহৰাইছে।”
আদি 48:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু ইস্ৰায়েলে তেওঁৰ সোঁ হাত মেলি ইফ্ৰয়িম সৰুটোৰ মুৰত, আৰু বাওঁ হাত মনচিৰ মুৰত দিলে; তেওঁ বুজিবাজি হাত দিলে; কিয়নো মনচি জেষ্ঠ পুত্ৰ। |
তাতে যোচেফে জ্যেষ্ঠ পুত্ৰৰ নাম মনচি হ’ল; কিয়নো তেওঁ ক’লে, “ঈশ্বৰে মোৰ সকলো দুখ আৰু নিজ পিতৃৰ ঘৰকো পাহৰাইছে।”
দ্বিতীয় পুত্ৰৰ নাম তেওঁ ইফ্ৰয়িম ৰাখিলে; কাৰণ তেওঁ ক’লে, “ঈশ্বৰে মোক দুখ ভোগ কৰা এই দেশত ফলৱান কৰিলে।”
ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে প্ৰসব কৰা মনচি আৰু ইফ্ৰয়িম, যোচেফৰ এই দুই পুত্ৰ মিচৰ দেশত জন্মিছিল।
যোচেফে তেওঁলোক দুয়োকো ইস্ৰায়েলৰ ওচৰলৈ আনিলে। ইফ্ৰয়িমক তেওঁৰ সোঁ হাতেৰে ধৰি ইস্ৰায়েলৰ বাওঁহাতলৈ, আৰু মনচিক তেওঁৰ বাওঁ হাতেৰে ধৰি ইস্ৰায়েলৰ সোঁহাতলৈ লৈ আহিল।
পাছত যোচেফে তেওঁৰ বাপেকৰ সোঁ হাত ইফ্ৰয়িমৰ মূৰত দেখি অসন্তোষ পালে; তাতে তেওঁ ইফ্ৰয়িমৰ মূৰৰ পৰা মনচি মূৰত দিবলৈ, বাপেকৰ হাত দাঙি বাপেকক ক’লে,
যিহোৱাই মোৰ প্ৰভুক ক’লে, “যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ, তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”
হে যিহোৱা, আপোনাৰ সোঁ হাত, পৰাক্ৰমত মহিমান্বিত হ’ল; হে যিহোৱা, আপোনাৰ সোঁ হাতে শত্ৰুক গুড়ি কৰিছে।
সাক্ষাৎ কৰা তম্বুৰ পশ্চিম দিশে, নিজ নিজ সৈন্যদল অনুসাৰে, ইফ্ৰয়িমৰ ফৈদে ছাউনি পাতি থাকিব। অম্মীহূদৰ পুত্ৰ ইলীচামা ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
তাৰ পাছত লেবীয়াসকলক মোৰ আগত উপস্থিত কৰাবা। ইস্ৰায়েলৰ সন্তান সকলে লেবীয়াসকলৰ গাত হাত দিব লাগিব।
এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা সকলো সন্তান সকলৰ সলনি মই লেবীয়াসকলক গ্ৰহণ কৰিলোঁ।
ময়ো তোমাক কওঁ যে ‘তুমি পিতৰ অৰ্থাৎ শিল’, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়ে ইয়াক পৰাজয় কৰিব নোৱাৰিব।
তাৰ পাছত লোক সকলে সৰু সৰু ল’ৰা ছোৱালীবোৰক যীচুৰ কাষলৈ লৈ আহিল যাতে শিশু সকলৰ ওপৰত হাত ৰাখি তেওঁ প্ৰাৰ্থনা কৰে; কিন্তু যীচুৰ শিষ্য সকলে তেওঁলোকক ডবিয়াব ধৰিলে।
তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়া সকলৰ দৰে নহবা; কিয়নো মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভালপায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
সূর্য অস্ত যোৱাৰ সময়ত লোক সকলে নানা ধৰণৰ ৰোগত আক্রান্ত সকলো ৰোগীকে যীচুৰ ওচৰলৈ লৈ আনিলে। তেওঁ তেওঁলোকৰ প্রত্যেকৰে ওপৰত হাত ৰাখি সুস্থ কৰিলে।
বিশ্বাসী সকলে এই সাত জন লোকক পাঁচনি সকলৰ আগলৈ আনিলে আৰু পাঁচনি সকলে প্ৰাৰ্থনা কৰি তেওঁলোকৰ ওপৰত হাত দিলে।
নুনৰ পুত্ৰ যিহোচূৱাৰ ওপৰত মোচিয়ে হাত ৰাখিছিল বাবে তেওঁ জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল; সেয়ে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁৰ কথা অনুসাৰে চলিব ধৰিলে আৰু যিহোৱাই মোচিৰ যোগেদি যি আজ্ঞা দিছিল, সেই অনুসাৰে কাৰ্য কৰিবলৈ ধৰিলে।
যি বৰ তোমাক দিয়া হৈছে, সেই বৰ অৱহেলা নকৰিবা; পৰিচাৰক সকলে যি সময়ত তোমাৰ ওপৰত হাত দিছিল, সেই সময়ত সেই বৰ ভাৱবাণীৰ দ্বাৰাই তোমাৰ ওপৰত অর্পিত হৈছিল।
কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু অন্য লোকৰ পাপৰ অংশীদাৰ নহ’বা৷ নিজকে নিৰ্দোষী কৰি ৰাখিবা।