3 তাতে তেওঁলোকে লঘোন দি প্ৰাৰ্থনা কৰি, সেই দুজনৰ ওপৰত হাত দি পঠিয়াই দিলে৷
তেওঁ তেওঁৰ মূৰত হাত দি, মোচিৰ দ্বাৰাই কোওৱা যিহোৱাৰ বাক্য অনুসাৰে তেওঁক আদেশ দিলে।
আৰু পাছত চৌৰাশী বছৰ বয়সলৈকে তেওঁ বিধৱাৰ জীৱন কটালে। তেওঁ মন্দিৰ এৰি কলৈকো যোৱা নাছিল; দিনে ৰাতিয়ে উপবাস আৰু প্রার্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল।
পাছত তেওঁলোকে প্ৰাৰ্থনা কৰি ক’লে, “হে প্রভু, তুমি অন্তর্যামী, সকলোৰে হৃদয় জানা৷ সেয়েহে এই দুজনৰ মাজৰ পৰা এজনক মনোনীত কৰা;
যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, “যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷”
এইদৰে পবিত্ৰ আত্মাৰ বাধ্য হৈ বাৰ্ণব্বা আৰু চৌল চিলুকিয়ালৈ গ’ল; তাৰ পৰা জাহাজেৰে কুপ্ৰ দ্বীপলৈ গ’ল৷
পৌল আৰু বার্ণব্বাই প্ৰাৰ্থনা আৰু উপবাসেৰে সৈতে প্রত্যেকটো বিশ্বাসী মণ্ডলীত শিষ্য সকলৰ কাৰণে পৰিচাৰক সকলক মনোনীত কৰিলে আৰু যি জন প্রভুত তেওঁলোকে বিশ্বাস স্থাপন কৰিলে, তেওঁৰ হাতত তেওঁলোকক সঁপি দিলে।
তাৰ পৰা পৌল আৰু বার্ণব্বাই জাহাজেৰে আন্তিয়খিয়ালৈ আহিল। যি কার্য তেওঁলোকে এতিয়া সম্পূর্ণ কৰিলে, সেই কার্যৰ কাৰণে এই নগৰতে তেওঁলোকক ঈশ্বৰৰ অনুগ্রহলৈ সমর্পিত কৰা হৈছিল।
কিন্তু পৌলে চীলক মনোনীত কৰিলে আৰু ভাই সকলে তেওঁক প্রভুৰ অনুগ্রহৰ হাতত তুলি দিলে। পাছত তেওঁলোক তাৰ পৰা ওলাই গ’ল।
বিশ্বাসী সকলে এই সাত জন লোকক পাঁচনি সকলৰ আগলৈ আনিলে আৰু পাঁচনি সকলে প্ৰাৰ্থনা কৰি তেওঁলোকৰ ওপৰত হাত দিলে।
তেতিয়াই অননিয় গ’ল আৰু সেই ঘৰত সোমাই চৌলক বিচাৰি উলিয়ালে৷ তাৰ পাছত তেওঁ চৌলৰ গাত হাত দি কলে, “হে ভাই চৌল, আপুনি যেন দৃষ্টি পায় আৰু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয়, এই কাৰণে আপুনি অহা বাটত যি জন প্ৰভু যীচুৱে অাপোনাক দেখা দিলে, তেৱেঁই মোক আপোনাৰ ওচৰলৈ পঠালে।”
আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”
যি বৰ তোমাক দিয়া হৈছে, সেই বৰ অৱহেলা নকৰিবা; পৰিচাৰক সকলে যি সময়ত তোমাৰ ওপৰত হাত দিছিল, সেই সময়ত সেই বৰ ভাৱবাণীৰ দ্বাৰাই তোমাৰ ওপৰত অর্পিত হৈছিল।
কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু অন্য লোকৰ পাপৰ অংশীদাৰ নহ’বা৷ নিজকে নিৰ্দোষী কৰি ৰাখিবা।
এই কাৰণে মই তোমাক সোঁৱৰাইছো যে, মোৰ হাত তোমাৰ ওপৰত দিয়াৰ দ্বাৰাই ঈশ্ৱৰৰ যি অনুগ্রহৰ বৰ তোমাক দান কৰা হ’ল, সেই বৰ পুনৰ জাগ্ৰত কৰা৷
আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসী আৰু নিপুণ লোক সকলক সমর্পণ কৰা।
তেওঁলোকে আপোনাত জন্ম হোৱা প্ৰেমক দেখিলে আৰু সাক্ষ্য ৰূপে মণ্ডলীৰ সন্মুখত আপোনাৰ প্ৰেমৰ বিষয়ে সাক্ষ্য দিলে। ঈশ্ৱৰ সন্তুষ্ট হোৱাকৈ তেওঁলোকৰ যাত্ৰা পথত আপুনি আগবঢ়াই সাহায্য কৰি ভালেই কৰিলে৷
এতেকে আমি সত্যৰ সহকাৰী হ’বলৈ, এনে লোক সকলক প্ৰতিপালন কৰা উচিত।