Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 48:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 পাছত যোচেফে তেওঁৰ বাপেকৰ সোঁ হাত ইফ্ৰয়িমৰ মূৰত দেখি অসন্তোষ পালে; তাতে তেওঁ ইফ্ৰয়িমৰ মূৰৰ পৰা মনচি মূৰত দিবলৈ, বাপেকৰ হাত দাঙি বাপেকক ক’লে,

অধ্যায়টো চাওক কপি কৰক




আদি 48:17
13 পৰস্পৰ সংযোগসমূহ  

কিন্তু ইস্ৰায়েলে তেওঁৰ সোঁ হাত মেলি ইফ্ৰয়িম সৰুটোৰ মুৰত, আৰু বাওঁ হাত মনচিৰ মুৰত দিলে; তেওঁ বুজিবাজি হাত দিলে; কিয়নো মনচি জেষ্ঠ পুত্ৰ।


সন্তান নৌ ওপজোঁতেই আৰু ভাল বা বেয়া একো নকৰোঁতেই, কৰ্মৰ কাৰণে নহয়, কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে, ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায়ত থিৰে থাকিবলৈ,


কিয়নো যিহোৱাই চাব আৰু অগ্রাহ্য কৰিব, আৰু তেওঁৰ পৰা তেওঁৰ ক্ৰোধ দূৰ কৰিব।


ঈশ্বৰে সেই কাৰ্যত অসন্তোষ পালে, সেয়ে তেওঁ ইস্ৰায়েলক আঘাত কৰিলে।


কিন্তু অম্ৰীয়ে যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু তেওঁৰ পূর্বে যিসকল আছিল, তেওঁলোকতকৈয়ো তেওঁ অধিক দুৰাচাৰী হ’ল।


কিন্তু যিহোৱাই চমূৱেলক ক’লে, “তুমি তেওঁৰ বাহ্যিকতালৈ বা উচ্চতালৈ দৃষ্টি নকৰিবা; কাৰণ মই তেওঁক অগ্ৰাহ্য কৰিলোঁ। কাৰণ মানুহে যেনেকৈ চাই যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখা পায়, তালৈ চায়, কিন্তু যিহোৱাই মানুহৰ অন্তৰলৈ চায়।”


বিলিয়মে যিহোৱাৰ দূতক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো আপুনি যে মোৰ বিৰুদ্ধে বাটত থিয় হৈ আছে, তাক মই নাজানিলোঁ। কিন্তু এতিয়া যদি ইয়াত আপোনাৰ বেজাৰ হৈছে, তেন্তে মই উলটি যাওঁ।”


পাছত লোকসকলে, যিহোৱাৰ কাণত পৰাকৈ বাটৰ দুখৰ কাৰণে বকা লোকৰ নিচিনাকৈ আচৰণ কৰিলে, তাকে শুনি যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; তাতে তেওঁলোকৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধাগ্নি জ্বলি উঠি, ছাউনিৰ শেষ ভাগত লোকসকলক গ্ৰাস কৰিবলৈ ধৰিলে।


তেওঁ কৰা কার্য্য যিহোৱাৰ দৃষ্টিত দুষ্টতা আছিল। সেয়ে যিহোৱাই তেওঁকো বিনষ্ট কৰিলে।


তাতে এচৌৱে বুজি পালে যে এই কনানীয়া মহিলাসকলৰ প্রতি তেওঁৰ পিতৃ ইচহাক সন্তুষ্ট নহয়।


“এনে নহয় পিতৃ; কিয়নো এওঁহে জ্যেষ্ঠ; এওঁৰেই মূৰত আপোনাৰ সোঁ হাত দিয়ক।”


এইদৰে মনচি ফৈদলৈ দেশ ভাগ কৰা হ’ল - সেয়াই মাখিৰলৈও, এওঁ মনচিৰ জেষ্ঠ পুত্র আৰু গিলিয়দৰ পিতৃ আছিল৷ মাখিৰৰ বংশধৰসকললৈ গিলিয়দ আৰু বাচানৰ অঞ্চলবোৰ ভাগ কৰা হ’ল; কিয়নো মাখীৰ এজন যুদ্ধাৰু লোক আছিল৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন