তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ মূৰ উচ্চ কৰি আপোনাক পুনৰ আগৰ কার্যত নিযুক্তি দিব; আপুনি আগেয়ে পান-পাত্ৰ ধৰোঁতা হৈ যেনেকৈ ফৰৌণৰ হাতত পান-পাত্ৰ তুলি দিছিলে, তেনেকৈয়ে আকৌ দিব।
আদি 40:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেন্তে আপোনাৰ সুদিনৰ সময়ত মোক সুঁৱৰি মোলৈ দয়া কৰি কৃপা দৃষ্টি কৰিব; ফৰৌণৰ আগত মোৰ সম্বন্ধে জনাই মোক এই কাৰাগাৰৰ পৰা উলিয়াই নিব; |
তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ মূৰ উচ্চ কৰি আপোনাক পুনৰ আগৰ কার্যত নিযুক্তি দিব; আপুনি আগেয়ে পান-পাত্ৰ ধৰোঁতা হৈ যেনেকৈ ফৰৌণৰ হাতত পান-পাত্ৰ তুলি দিছিলে, তেনেকৈয়ে আকৌ দিব।
পাছে দায়ূদে সুধিলে, “মই যোনাথনৰ কাৰণে যিজনলৈ দয়া ব্যৱহাৰ কৰিব পাৰিম, এনে চৌলৰ বংশৰ কোনো এতিয়াও অৱশিষ্ট আছেনে?”
কিন্তু গিলিয়দীয়া বৰ্জ্জিলয়ৰ পুত্ৰসকলক দয়া ব্যৱহাৰ কৰিবা আৰু তোমাৰ মেজত বহোঁতাসকলৰ মাজত তেওঁলোককো ঠাই দিবা, কিয়নো তোমাৰ ককাই অবচালোমৰ ভয়ত মই পলোৱা সময়ত তেওঁলোকে মোক সহায় কৰিবলৈ মোৰ ওচৰলৈ আহিছিল।
যেতিয়া ঈশ্বৰে তোমাক আমন্ত্রণ কৰিছিল, তেতিয়া তুমি দাস আছিলা নেকি? ইয়াকে লৈ একো চিন্তা নকৰিবা; অৱশ্যে যদি মুক্ত হোৱাৰ সুযোগ পোৱা, তাক গ্রহণ কৰা।
এই হেতুকে মই এতিয়া বিনয় কৰোঁ যে, মই তোমালোকলৈ দয়া ব্যৱহাৰ কৰাৰ কাৰণে তোমালোকেও মোৰ পিতৃ বংশলৈ দয়া ব্যৱহাৰ কৰিবলৈ,
তেতিয়া অকাৰণে হোৱা ৰক্তপাতৰ আৰু আত্ম-প্ৰতিকাৰ-সাধনৰ বাবে মোৰ প্ৰভুৰ হৃদয়ত অসন্তুষ্টি বা শোক নজন্মিব, আৰু যেতিয়া যিহোৱাই মোৰ প্ৰভুৰ মঙ্গল কৰিব, তেতিয়া আপোনাৰ এই দাসীক সোঁৱৰণ কৰিব।”