Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 25:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

31 তেতিয়া অকাৰণে হোৱা ৰক্তপাতৰ আৰু আত্ম-প্ৰতিকাৰ-সাধনৰ বাবে মোৰ প্ৰভুৰ হৃদয়ত অসন্তুষ্টি বা শোক নজন্মিব, আৰু যেতিয়া যিহোৱাই মোৰ প্ৰভুৰ মঙ্গল কৰিব, তেতিয়া আপোনাৰ এই দাসীক সোঁৱৰণ কৰিব।”

অধ্যায়টো চাওক কপি কৰক




1 চমূ 25:31
13 পৰস্পৰ সংযোগসমূহ  

তেন্তে আপোনাৰ সুদিনৰ সময়ত মোক সুঁৱৰি মোলৈ দয়া কৰি কৃপা দৃষ্টি কৰিব; ফৰৌণৰ আগত মোৰ সম্বন্ধে জনাই মোক এই কাৰাগাৰৰ পৰা উলিয়াই নিব;


হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”


এতিয়া আমাৰ শ্লাঘা এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ।


মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই আপোনাৰ ভায়েৰাই দোষী হয়, সেইবোৰ নকৰাই উচিত।


পাছত তেওঁ ক’লে, “হে যীচু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকো সুৱঁৰিব।”


হে প্ৰতিফল দিওঁতা ঈশ্বৰ যিহোৱা, হে প্রতিফল দিওঁতা ঈশ্বৰ, তুমি দীপ্তি প্ৰকাশ কৰা।


যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ হৈ প্ৰতিকাৰ সাধে আৰু লোকসকলক মোৰ ভৰিৰ তলত চাপৰ কৰে,


যিহোৱাই প্ৰতিজনক তাৰ ধাৰ্মিকতা আৰু বিশ্বস্ততা অনুসাৰে প্ৰতিফল দিব; কিয়নো যিহোৱাই আজি আপোনাক মোৰ হাতত শোধাই দিছিল, কিন্তু মই যিহোৱাৰ অভিষিক্ত জনৰ বিৰুদ্ধে হাত দাঙিবলৈ সন্মত নহ’লো।


যেতিয়া দায়ূদৰ দাস সকলে কৰ্মিলত থকা অবীগলৰ ওচৰলৈ গৈ তেওঁক ক’লে, “দায়ূদে আপোনাক বিবাহ কৰিবৰ অৰ্থে আপোনাক নিবলৈ আপোনাৰ ওচৰলৈ আমাক পঠালে।”


আৰু তোমাৰ বিবেচনা ধন্য, আৰু আজিৰ দিনত ৰক্তপাতৰ দোষৰ ও আত্ম-প্ৰতিকাৰ-সাধনৰ পৰা মোক নিবাৰণ কৰা যি তুমি, তুমিও ধন্য।


এই হেতুকে যিহোৱা বিচাৰকৰ্ত্তা হৈ মোৰ আৰু আপোনাৰ মাজত বিচাৰ কৰক; তেওঁ দৃষ্টিপাত কৰি মোৰ বিবাদ নিস্পত্তি কৰক, আৰু আপোনাৰ হাতৰ পৰা মোক ৰক্ষা কৰক।


যিহোৱাই মোৰ প্ৰভুৰ বিষয়ে যিবোৰ মঙ্গলৰ কথা কৈছে, সেইবোৰ যেতিয়া তেওঁ সফল কৰি আপোনাক ইস্ৰায়েলৰ ওপৰত অধিপতি নিযুক্ত কৰিব,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন