Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 ৰাজা 2:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 কিন্তু গিলিয়দীয়া বৰ্জ্জিলয়ৰ পুত্ৰসকলক দয়া ব্যৱহাৰ কৰিবা আৰু তোমাৰ মেজত বহোঁতাসকলৰ মাজত তেওঁলোককো ঠাই দিবা, কিয়নো তোমাৰ ককাই অবচালোমৰ ভয়ত মই পলোৱা সময়ত তেওঁলোকে মোক সহায় কৰিবলৈ মোৰ ওচৰলৈ আহিছিল।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 2:7
15 পৰস্পৰ সংযোগসমূহ  

তেতিয়া দায়ূদে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো মই তোমাৰ পিতৃ যোনাথনৰ কাৰণে অৱশ্যে দয়া কৰিম আৰু তোমাৰ পিতামহ চৌলৰ সকলো মাটি তোমাক ওলোটাই দিম; আৰু তুমি সদায় মোৰ মেজতে ভোজন কৰিবা।”


এই হেতুকে তুমি আৰু তোমাৰ পুত্ৰসকলে আৰু তোমাৰ বন্দীবোৰেও একেলগে তেওঁৰ সেই মাটিত খেতি কৰিবা আৰু তোমাৰ প্ৰভুৰ পুত্ৰৰ আহাৰৰ বাবে তাত উৎপন্ন হোৱা শস্য আনি দিবা৷ কিন্তু তোমাৰ প্ৰভুৰ পুত্ৰ মফিবোচতে সদায় মোৰ মেজতহে ভোজন কৰিব।” সেই চীবাৰ পোন্ধৰজন পুতেক আৰু বিশজন দাস আছিল।


প্ৰভু অহাৰ পাছত যি দাস সকলক তেওঁ পৰ দি থকা দেখে, তেওঁলোক ধন্য৷ মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ কঁকাল বান্ধি, তেওঁলোকক ভোজনত বহুৱাই, নিজেই তেওঁলোকক শুশ্ৰূষা কৰিব আৰু আহাৰ বাঢ়ি দিব।


তোমাৰ বন্ধু আৰু তোমাৰ বন্ধুৰ পিতৃক পৰিত্যাগ নকৰিবা, আৰু তোমাৰ বিপদৰ দিনত ভায়েকৰ ঘৰলৈ নাযাবা। দূৰত থকা ভায়েকতকৈ ওচৰত থকা চুবুৰীয়াই ভাল।


কিয়নো মোৰ প্ৰভু মহাৰাজৰ সাক্ষাতে মোৰ সকলো পিতৃ-বংশ কেৱল মৃত্যুৰ যোগ্য আছিল, তথাপি আপুনি আপোনাৰ মেজত ভোজন কৰোঁতা সকলৰ মাজত আপোনাৰ এই দাসক বহুৱালে৷ এই হেতুকে ৰজাৰ আগত কাতৰোক্তি কৰিবলৈ মোৰ নো আৰু কি অধিকাৰ আছে?”


তেন্তে আপোনাৰ সুদিনৰ সময়ত মোক সুঁৱৰি মোলৈ দয়া কৰি কৃপা দৃষ্টি কৰিব; ফৰৌণৰ আগত মোৰ সম্বন্ধে জনাই মোক এই কাৰাগাৰৰ পৰা উলিয়াই নিব;


পুৰোহিতসকলৰ বংশধৰসকল: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয় (যিজনে গিলিয়দৰ বৰ্জ্জিল্লয়ৰ মহিলাৰ মাজৰ এজনীক বিয়া কৰিলে, আৰু তেওঁলোকৰ নামেৰে তেওঁৰ নামাকৰণ হ’ল)


আৰু তেওঁ নিজৰ বন্দীশালৰ কাপোৰ সলালে, আৰু তেওঁ জীয়াই থাকে মানে ৰজাৰ আগত সদায় ভোজন কৰিলে।


ইবীল-মৰোদকে যিহোৱাখীনৰ পৰা কাৰাগাৰৰ কাপোৰ খুলি পেলালে আৰু যিহোৱাখীনে নিজৰ জীৱনৰ বাকী দিনবোৰত সদায় ৰজাৰ মেজত খোৱা-বোৱা কৰি কটালে।


জীৱিত কাললৈকে প্রতিদিনৰ কাৰণে ৰজাই তেওঁক এক খাদ্য খৰছ প্রদান কৰিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন