তেতিয়া লেয়াই ক’লে, “মই মোৰ স্বামীক মোৰ দাসীক দিছিলোঁ আৰু সেয়ে, ঈশ্বৰে মোক তাৰ বেচ দিলে।” তাৰ কাৰণে তেওঁ পুত্রৰ নাম ইচাখৰ ৰাখিলে।
আদি 29:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত লেয়া পুনৰ গৰ্ভৱতী হ’ল আৰু তেওঁৰ এটি পুত্ৰ জন্মিল। তেওঁ ক’লে, “মোক অৱহেলা কৰাৰ কথা যিহোৱাই শুনিলে আৰু সেয়ে মোক এই ল’ৰাটিও দিলে।” তেওঁ সেই পুত্রৰ নাম চিমিয়োন [শ্ৰৱণ] ৰাখিলে। |
তেতিয়া লেয়াই ক’লে, “মই মোৰ স্বামীক মোৰ দাসীক দিছিলোঁ আৰু সেয়ে, ঈশ্বৰে মোক তাৰ বেচ দিলে।” তাৰ কাৰণে তেওঁ পুত্রৰ নাম ইচাখৰ ৰাখিলে।
লেয়াই ক’লে, “ঈশ্বৰে মোক এক উত্তম উপহাৰ দিলে। এতিয়া মোৰ স্বামীয়ে মোক সন্মান কৰিব, কিয়নো মই তেওঁলৈ ছয়টি পুত্ৰ প্রসৱ কৰিলোঁ।” তাতে লেয়াই তেওঁৰ পুত্রৰ নাম জবূলূন ৰাখিলে।
তেতিয়া ৰাহেলে ক’লে, “ঈশ্বৰে মোৰ কথা শুনি সুবিচাৰ কৰিলে। তেওঁ নিশ্চয়কৈ মোৰ কাকুতি শুনিলে আৰু মোক এটি পুত্ৰ দিলে।” সেয়ে তেওঁ সেই পুত্রৰ নাম দান ৰাখিলে।
তেতিয়া ৰাহেলে ক’লে, “মই মোৰ বাইদেউৰ সৈতে মালযুদ্ধ কৰি জয়ী থ’লো।” সেয়ে তেওঁ ল’ৰাটিৰ নাম নপ্তালী থলে।
তাৰ পাছত তৃতীয় দিনা যেতিয়া পুৰুষসকলে বিষত কষ্ট পাই আছিল, তেতিয়া দীনাৰ ককায়েক অর্থাৎ যাকোবৰ দুজন পুতেক চিমিয়োন আৰু লেবীয়ে তৰোৱাল লৈ হঠাৎ নগৰত সোমাই সকলো পুৰুষক বধ কৰিলে।
যাকোবে চিমিয়োন আৰু লেবীক ক’লে, “তোমালোকে এই দেশ-নিবাসী কনানীয়া আৰু পৰিজ্জীয়া লোকসকলৰ মাজত মোক ঘৃণাৰ পাত্র কৰি বিপদত পেলালা; মোৰ লোক সংখ্যাত তাকৰ। যদি তেওঁলোকে মোৰ অহিতে একগোট হৈ মোক আক্রমণ কৰে, তেতিয়া মই সপৰিবাৰে বিনষ্ট হ’ম।”
লেয়াৰ গর্ভত যাকোবৰ জেষ্ঠ্য পুত্ৰ ৰূবেণৰ জন্ম হৈছিল। তাৰ পাছত চিমিয়োন, লেবী, যিহূদা, ইচাখৰ আৰু জবূলূনৰ জন্ম হৈছিল।
পাছত যোচেফে তেওঁলোকৰ ওচৰৰ পৰা গ’ল আৰু কান্দিবলৈ ধৰিলে। পুনৰ আহি তেওঁলোকৰ সৈতে কথাবার্তা হ’ল। তেওঁ তেওঁলোকৰ মাজৰ পৰা চিমিয়োনক বাচি ল’লে আৰু তেওঁলোকৰ চকুৰ সন্মুখতে তেওঁক বান্ধিলে।
যদি কোনো পুৰুষৰ দুগৰাকী ভার্যা থাকে, এগৰাকী তেওঁৰ মৰমৰ আন গৰাকী ঘৃণাৰ। দুয়োগৰাকীয়ে তেওঁলৈ সন্তান জন্ম দিয়ে, কিন্তু বৰ পুতেক যদি ঘৃণাৰ গৰাকীৰ সন্তান হয়;