Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




আদি 30:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 লেয়াই ক’লে, “ঈশ্বৰে মোক এক উত্তম উপহাৰ দিলে। এতিয়া মোৰ স্বামীয়ে মোক সন্মান কৰিব, কিয়নো মই তেওঁলৈ ছয়টি পুত্ৰ প্রসৱ কৰিলোঁ।” তাতে লেয়াই তেওঁৰ পুত্রৰ নাম জবূলূন ৰাখিলে।

অধ্যায়টো চাওক কপি কৰক




আদি 30:20
15 পৰস্পৰ সংযোগসমূহ  

তেওঁ নাচৰত এৰি জবূলূন আৰু নপ্তালী এলেকাৰ গালীল সাগৰৰ তীৰত থকা কফৰনাহূমলৈ গৈ, তাত বাস কৰিবলৈ ধৰিলে।


জবূলূনে সমুদ্ৰৰ তীৰত বসতি কৰিব; সি জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ হ’ব; আৰু চীদোনলৈকে তাৰ সীমা হ’ব।


লেয়াৰ গর্ভত যাকোবৰ জেষ্ঠ্য পুত্ৰ ৰূবেণৰ জন্ম হৈছিল। তাৰ পাছত চিমিয়োন, লেবী, যিহূদা, ইচাখৰ আৰু জবূলূনৰ জন্ম হৈছিল।


তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে।


কিছু লোক আহিল ইফ্ৰয়িমৰ পৰা, য’ত অমালেকীয়াসকলে বাস কৰিছিল; তোমালোকৰ পাছে পাছে বিন্যামীন বংশৰ লোক আহিল; মাখীৰৰ পৰা সেনাপতিসকল নামি আহিল; আৰু জবূলূনৰ বংশৰ লোকসকলে শাসনকর্তাৰ দণ্ড লৈ নামি আহিল।


বাৰাকে জবূলূন আৰু নপ্তালী বংশৰ লোক সমূহক কেদচলৈ একলগে মাতি আনিলে। দহ হাজাৰ লোক তেওঁৰ লগত গ’ল আৰু দবোৰাও তেওঁৰ লগত গ’ল।


জবূলূনৰ পুত্র চেৰদ, এলোন আৰু যহলেল।


তাতে লেয়াই তেওঁক ক’লে “তুমি মোৰ স্বামীকে ল’লা, ই জানো সৰু কথা? আকৌ এতিয়া মোৰ পুত্রই অনা দুদা ফলো তুমি ল’ব খোজানে?” তেতিয়া ৰাহেলে ক’লে, “তেন্তে তোমাৰ পুত্রই অনা দুদা ফলৰ সলনি তেওঁ আজি ৰাতি তোমাৰে সৈতে শয়ন কৰিব।”


পুনৰ তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁ ক’লে, “এইবাৰ মোৰ স্বামী মোত আসক্ত হ’ব; কিয়নো মই তেওঁলৈ তিনিটি পুত্ৰ প্ৰসৱ কৰিলোঁ।” এইবুলি তেওঁ ল’ৰাটোৰ নাম লেবী ৰাখিলে।


পাছত লেয়া আকৌ গৰ্ভৱতী হ’ল আৰু যাকোবলৈ তেওঁ ষষ্ঠ পুত্ৰ প্রসৱ কৰিলে।


তাৰ পাছত তেওঁ এজনী ছোৱালী প্ৰসৱ কৰিলে আৰু তাইৰ নাম দীনা ৰাখিলে।


বিয়াৰ ধন আৰু উপহাৰ হিচাবে আপোনালোকে যিহকে দাবী কৰিব, মই সেই সকলো আপোনালোকক দিম; আপোনালোকে মাথোন ছোৱালীজনীক মোৰ লগত বিয়া দিয়ক।”


যদি যুৱতী গৰাকীৰ পিতৃয়ে সেই লোকজনলৈ বিয়া দিবলৈ অসন্মত হয়, তেনেহ’লে তেওঁ যুৱতী গৰাকীৰ কুমাৰীত্বৰ গা-ধন অনুসাৰে ধন দিব লাগিব।


তেতিয়া চৌলে ক’লে, “তোমালোকে দায়ূদক এইদৰে কোৱা, ‘ৰজাই একো যৌতুক নিবিচাৰে, কেৱল ৰজাৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিবৰ কাৰণ পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ-চৰ্ম্ম বিচাৰিছে’।” এইদৰে চৌলে দায়ূদক ফিলিষ্টীয়াসকলৰ হাতেৰে বধ কৰিবলৈ চিন্তা কৰিলে।


ৰূবেণ, গাদ, আচেৰ, জবূলূন, দান আৰু নপ্তালী, ফৈদৰ লোকসকলে শাও দিবলৈ এবাল পৰ্ব্বতত থিয় হ’ব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন