আদি 34:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201925 তাৰ পাছত তৃতীয় দিনা যেতিয়া পুৰুষসকলে বিষত কষ্ট পাই আছিল, তেতিয়া দীনাৰ ককায়েক অর্থাৎ যাকোবৰ দুজন পুতেক চিমিয়োন আৰু লেবীয়ে তৰোৱাল লৈ হঠাৎ নগৰত সোমাই সকলো পুৰুষক বধ কৰিলে। অধ্যায়টো চাওক |
কাৰণ মিচৰৰ পৰা ওলাই অাহোতে ইস্ৰায়েলৰ সন্তান সকলে চল্লিশ বছৰ মৰুভূমিত ভ্ৰমণ কৰি আছিল; তাতে যিহোৱাৰ গোটেই জাতিৰ লোকসকল, বিশেষকৈ যুদ্ধ কৰিব পৰা পুৰুষসকলে যিহোৱাৰ কথা নুশুনাৰ বাবে বিনষ্ট হৈছিল৷ যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্বপুৰুষসকলৰ আগত প্ৰতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌজোল বৈ থকা দেশ তেওঁলোকক দেখিবলৈ নিদিওঁ বুলি যিহোৱাই তেওঁলোকৰ আগত শপত খাইছিল।