আদি 22:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত অব্ৰাহাম নিজৰ দাসবোৰৰ ওচৰলৈ উভটি আহিল আৰু সকলো একেলগে বেৰ-চেবালৈ ঘূৰি গ’ল; এই বেৰ-চেবাতে অব্ৰাহামে বাস কৰিছিল। |
তেতিয়া অব্ৰাহামে নিজৰ দাস দুজনক ক’লে, “তোমালোক গাধটোৰে সৈতে ইয়াতে থাকা; মই আৰু মোৰ ল’ৰাই সেই ঠাইলৈকে যাওঁ; তাত আমাৰ প্রার্থনা শেষ কৰি তোমালোকৰ ওচৰলৈ পুনৰ উলটি আহিম।”
পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰ-চেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে।
তেওঁৰ প্ৰথম পুত্ৰৰ নাম যোৱেল, দ্বিতীয় পুত্ৰৰ নাম অবিয়া আছিল; তেওঁলোকে বেৰ-চেবাত বিচাৰ কৰিছিল।