Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




বিচাৰ 20:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰ-চেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 20:1
35 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যিপ্তহ গিলিয়দৰ বৃদ্ধ নেতাসকলৰ সৈতে গ’ল আৰু লোক সকলে তেওঁকে তেওঁলোকৰ নেতা আৰু সেনাপতি পাতিলে; তাৰ পাছত যিপ্তহে মিস্পাত গৈ যিহোৱাৰ সন্মুখত তেওঁৰ প্রতিজ্ঞাবোৰৰ কথা জনালে।


চৌলৰ পৰিয়ালৰ পৰা ৰাজ্য হস্তান্তৰ কৰিব আৰু দানৰ পৰা বেৰ-চেবা লৈ, সমগ্র ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত সিংহাসন স্থাপন কৰিব।”


চমূৱেলে লোকসকলক মতি আনি মিস্পাত যিহোৱাৰ সাক্ষাতে গোট খোৱালে।


তাতে চমূৱেল যে যিহোৱাৰ ভাববাদী হ’বৰ অৰ্থে বিশ্বাসৰ পাত্ৰ হৈছে, সেই বিষয়ে দানৰ পৰা বেৰ-চেবালৈকে গোটেই ইস্ৰায়েলে জানিলে।


তাৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে ক’লে, “ইস্রায়েলীয় সকলৰ মাজত এনে কোন জাতি আছে যি সকল প্রভুৰ কাষলৈ আমাৰ এই প্রার্থনালৈ অহা নাই?” কিয়নো মিস্পাত যিহোৱাৰ গুৰিলৈ যি জন নাহিব, “তেওঁৰ প্ৰাণ দণ্ড অৱশ্যে হ’ব” এই বুলি তেওঁলোকে প্রতিজ্ঞা কৰিছিল।


ইস্ৰায়েলৰ লোকসকলে সেই কথা শুনাৰ পাছত, ইস্ৰায়েলৰ লোকসকলৰ গোটেই সমাজে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিবৰ বাবে চীলোত গোট খালে।


জল-দুৱাৰৰ আগত থকা মুকলি ঠাইত এটা উদ্দেশ্যৰ কাৰণে সকলো লোকে নিজকে একগোট কৰিলে। ইস্ৰায়েলৰ বাবে যিহোৱাই আদেশ কৰা মোচিৰ ব্যৱস্থা পুস্তক আনিবলৈ তেওঁলোকে ইজ্ৰা অধ্যাপকক ক’লে।


তাতে ৰজাই তেওঁৰ ওচৰত থকা প্ৰধান সেনাপতি যোৱাবক ক’লে, “মই ইস্ৰায়েলৰ লোকসকলৰ সংখ্যা জানিবৰ বাবে, তুমি দানৰে পৰা বেৰ-চেবালৈকে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজত যোৱা আৰু তোমালোকে লোকসকলক গণনা কৰা।”


সপ্তম মাহৰ পাছত, ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নগৰলৈ উভতি আহিল। তেওঁলোকে যেতিয়া এজন মানুহৰ দৰে হৈ যিৰূচালেমত একগোট হৈছিল, তেতিয়া ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নিজৰ নগৰলৈ উভতি আহিছিল।


এই হেতুকে, তেওঁলোকে যেন যিৰূচালেমলৈ আহি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰে, এই কাৰণে তেওঁলোকে বেৰ-চেবাৰ পৰা দানলৈকে ইস্ৰায়েলৰ সকলো ফালে ঘোষণা কৰিবলৈ বিবেচনাৰে সিদ্ধান্ত ল’লে৷ আচলতে শাস্ত্ৰৰ আজ্ঞামতে তেওঁলোকে বহু লোক লগ লাগি তাক পালন কৰা নাছিল।


দায়ূদে যোৱাবক আৰু সৈন্যৰ অধিকাৰী সকলক ক’লে, “যোৱা, তোমালোকে বেৰ-চেবাৰ পৰা দানলৈকে ইস্ৰায়েল লোকসকলক গণনা কৰা আৰু ঘূৰি আহি মোক বিৱৰণ দিবা, যাতে মই তেওঁলোকৰ সংখ্যা জানিব পাৰোঁ।”


পাছত যেতিয়া বেবিলনৰ ৰজাই গদলিয়াক শাসনকৰ্ত্তা নিযুক্ত কৰিছে বুলি যিহূদাৰ বাকী কেইজনমান সেনাধ্যক্ষ আৰু তেওঁলোকৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোকে অৰ্থাৎ নথনিয়াৰ পুত্ৰ ইশ্মায়েল, কাৰেহৰ পুত্ৰ যোহানন, নটোফাতীয়া তনহূমতৰ পুত্ৰ চৰায়া, মাখাথীয়াৰ পুত্ৰ যাজনিয়া আৰু তেওঁলোকৰ লোকসকল মিস্পাত গদলিয়াৰ ওচৰলৈ আহিল।


আৰু এইদৰে তেওঁ যিহূদাৰ সকলো লোকৰ মন জিকিলে, যেন সকলোৰে মন এজনৰহে হ’ল৷ তাতে তেওঁলোকে ৰজালৈ এই কথা কৈ পঠালে, বোলে, “আপুনি আৰু আপোনাৰ দাসবোৰ পুনৰায় উভটি আহক।”


তেওঁ ঈচবোচতক গিলিয়দৰ, অচুৰীয়াসকলৰ, যিজ্ৰিয়েলৰ, ইফ্ৰয়িমৰ, বিন্যামীনৰ আৰু গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে।


তেতিয়া ইস্ৰায়েলৰ সকলো সৈন্য আৰু আটাই লোকসকলে বৈৎএললৈ উঠি গ’ল আৰু সেই ঠাইতে যিহোৱাৰ সাক্ষাতে ক্ৰন্দন কৰি বহি থাকিল। সেই দিনা সন্ধিয়ালৈকে লঘোনে থাকিল আৰু যিহোৱাৰ সাক্ষাতে হোম আৰু শান্তিৰ বলি উৎসৰ্গ কৰিলে।


পাছত ইস্ৰায়েলৰ সন্তানসকলে ওলাই বৈৎএললৈ গৈ ঈশ্বৰক সুধিলে, “কোন বংশৰ লোক সকলোতকৈ আগেয়ে বিন্যামীনৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই যাব?” তাতে যিহোৱাই ক’লে, “প্ৰথমে যিহূদাৰ বংশৰ লোকসকলে আক্রমণ কৰিব।”


এইদৰে ইস্ৰায়েলৰ সৈন্যসকলে একগোট হ’ল আৰু সেই নগৰখনৰ বিপক্ষে এক উদ্দেশ্যেৰেই গোট খালে।


তাতে সকলো মানুহে একগোটহৈ ক’লে, “আমি কোনেও নিজ নিজ তম্বুলৈ নাযাওঁ, নিজ নিজ ঘৰলৈ উলটি নাযাওঁ;


লোকসকলৰ নেতা অৰ্থাৎ ইস্ৰায়েলৰ আটাই ফৈদবোৰৰ মুখ্যসকল ঈশ্বৰৰ প্ৰজাসকলৰ সেই সমাজত উপস্থিত হ’ল; তাত চাৰি লাখ তৰোৱাল ধৰা পদাতিক লোক আছিল। তেওঁলোক যুদ্ধ কৰিবলৈ সাজু হৈ আছিল।


আৰু তেওঁলোকৰ পূৰ্বপুৰুষ ইস্ৰায়েলৰ পুত্ৰ যি দান, তেওঁৰ নামেৰে সেই নগৰৰ নাম লয়িচ আছিল।


তেতিয়া অম্মোনীয়াসকলে একগোট হৈ গিলিয়দত ছাউনি পাতিলে আৰু ইস্ৰায়েলী লোকসকলেও লগ হৈ মিস্পাত ছাউনি পাতিলে।


এইদৰে মনচি ফৈদলৈ দেশ ভাগ কৰা হ’ল - সেয়াই মাখিৰলৈও, এওঁ মনচিৰ জেষ্ঠ পুত্র আৰু গিলিয়দৰ পিতৃ আছিল৷ মাখিৰৰ বংশধৰসকললৈ গিলিয়দ আৰু বাচানৰ অঞ্চলবোৰ ভাগ কৰা হ’ল; কিয়নো মাখীৰ এজন যুদ্ধাৰু লোক আছিল৷


ৰূবেণৰ সন্তান সকলৰ আৰু গাদৰ সন্তান সকলৰ অতিশয় অধিক পশুৰ জাক আছিল; এই কাৰণে তেওঁলোকে যেতিয়া যাজেৰ আৰু গিলিয়দ দেশখন দেখিলে, তেওঁলোকে তেওঁলোকৰ পশুবোৰৰ কাৰণে সেই ঠাই ভাল দেখিলে।


মিস্পী, কফীৰা, মোচা,


দিলিয়ন, মিস্পি, যক্তেল,


পাছত মোচিয়ে মনচিৰ পুত্ৰ মাখীৰক গিলিয়দ দেশ দিলে; তেওঁৰ লোকসকলে তাৰ মাজত বাস কৰিলে।


পাছত যিৰিমিয়াই মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু দেশত অৱশিষ্ট থকা লোকসকলৰ মাজত তেওঁৰে সৈতে বাস কৰিলে।


যুদ্ধৰ বাবে যুগুত হোৱা প্ৰায় চল্লিশ হাজাৰ লোক যিহোৱাৰ সাক্ষাতে ওলাই গ’ল৷ তেওঁলোকে যিৰীহোৰ সমথললৈ যুদ্ধ কৰিবৰ বাবে পাৰ হৈ গ’ল।


তেতিয়া ৰূবেণ ও গাদৰ বংশধৰ আৰু মনচিৰ আধা ফৈদে কনান দেশৰ চীলোত থকা ইস্ৰায়েল লোকসকলৰ পৰা বিদায় লৈ নিজ ঠাইলৈ গ’ল৷ তেওঁলোক মোচিৰ দ্বাৰাই কোৱা যিহোৱাৰ আজ্ঞা অনুসাৰে পোৱা নিজৰ আধিপত্য লৈ গিলিয়দ দেশলৈ উভতি যাব ধৰিলে।


যিপ্তহে যেতিয়া মিস্পাত নিজৰ ঘৰলৈ উলটি আহিল, তেতিয়া তেওঁক আগবঢ়াই নিবলৈ তেওঁৰ জীয়েক ওলাই আহিল। তাই খঞ্জৰী বজাই তালে তালে নাচি নাচি ওলাই আহিল; তাই যিপ্তহৰ একেজনী মাথোন জীয়েক আছিল আৰু তাইৰ বাহিৰে তেওঁৰ কোনো পুতেক বা জীয়েক নাছিল।


গতিকে মই মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটি গৃহ সাজিবলৈ মন কৰিছোঁ, মোৰ পিতৃ দায়ূদৰ আগত যিহোৱাই এইদৰে কৈছিল, ‘মই তোমাৰ পদত তোমাৰ যিজন পুত্ৰক সিংহাসনত বহুৱাম, তেৱেঁই মোৰ নামৰ উদ্দেশ্যে গৃহ নিৰ্ম্মাণ কৰিব।’


হচৰ-চূৱাল, বেৰ-চেবা আৰু ইয়াৰ গাওঁবোৰত।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন