31 সেই ঠাইতে তেওঁলোক দুয়োয়ে এক শপত লোৱাৰ বাবে তেওঁ সেই ঠাইৰ নাম বেৰ-চেবা ৰাখিলে।
তাতে তেওঁ সেই নাদৰ নাম চিবিয়া ৰাখিলে; এই হেতুকে আজিলৈকে সেই নগৰৰ নাম বেৰ-চেবা বুলি প্ৰখ্যাত।
পিছদিনা অব্ৰাহামে নিচেই পুৱাতে উঠি কিছু পিঠা আৰু ছালেৰে তৈয়াৰী পানী ভৰা এটা মোনা লৈ হাগাৰৰ কান্ধত তুলি দিলে। তাৰ পাছত ইশ্মায়েলকো শোধাই দি তেওঁলোক দুয়োকো বিদায় দিলে; পাছত দুয়ো আঁতৰি গ’ল আৰু বেৰ-চেবাৰ মৰুপ্রান্তৰত ভ্ৰমি ফুৰিলে।
চলোমনৰ ৰাজত্বৰ সকলো সময়ত, প্ৰতিজনে দানৰ পৰা বেৰ-চেবালৈকে, যিহূদা আৰু ইস্ৰায়েলত নিজ দ্ৰাক্ষালতাৰ আৰু নিজ নিজ ডিমৰু গছৰ তলত নিৰ্ভয়ে বাস কৰিছিল।
কিন্তু মই এই পৰামৰ্শ দিওঁ যে দানৰে পৰা বেৰ-চেবালৈকে, সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্যক ইস্ৰায়েলক আপোনাৰ আগত গোট খুউৱা হওঁক আৰু যেন আপুনি নিজেও যুদ্ধলৈ যাওঁক।
পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰ-চেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে।
হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷
তাৰ পাছত ইচহাক তাৰ পৰা বেৰ-চেবালৈ গ’ল।
এইদৰে তেওঁলোকে বেৰ-চেবাত চুক্তি কৰাৰ পাছত অবীমেলক আৰু তেওঁৰ সেনাপতি ফীখোল পলেষ্টীয়াসকলৰ দেশলৈ উভটি গ’ল।
পাছত তেওঁলোক দুজনে নিচেই ৰাতিপুৱাতে উঠি, ইজনে সিজনৰ আগত শপত কৰিলে আৰু ইচহাকে তেওঁলোকক বিদায় কৰিলে, তেওঁলোক শান্তিৰে তেওঁৰ ওচৰৰ পৰা গুচি গ’ল।
ইস্ৰায়েলে নিজৰ সকলোকে লগত লৈ যাত্ৰা আৰম্ভ কৰিলে আৰু গৈ বেৰ-চেবা পালে। তাতে তেওঁ নিজ পিতৃ ইচহাকৰ ঈশ্বৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিলে।
সেই বিষয়ে শুনি এলিয়াই উঠি নিজ প্ৰাণৰক্ষাৰ বাবে পলাই গ’ল আৰু যিহূদাৰ অধীনত থকা বেৰ-চেবালৈ আহি নিজৰ দাসক তাতেই এৰিলে।
কিন্তু বৈৎএলক বিচাৰি নাযাব; গিলগলত নোসোমাবা, আৰু বেৰ-চেবালৈ নাযাবা; কিয়নো গিলগল অৱশ্যেই বন্দী হ’ব, আৰু বৈৎ-এলৰ সর্বনাশ হ’ব।
তেওঁলোকে তূৰ দুৰ্গলৈ গ’ল আৰু হিব্বীয়া ও কনানীয়াসকলৰ সকলো নগৰলৈও গ’ল; আৰু শেষত তেওঁলোকে আহি যিহূদাৰ দক্ষিণ অঞ্চল বেৰ-চেবাত উপস্থিত হ’ল।
হচৰ-চূৱাল, বেৰ-চেবা আৰু ইয়াৰ গাওঁবোৰত।