অতি ৰাতিপুৱাতে যেতিয়া তেওঁলোকে সাৰ পালে, তেতিয়া সূৰ্যৰ ৰশ্মি পানীৰ ওপৰত প্রতিফলিত হৈছিল। মোৱাবীয়াসকলে তেওঁলোকৰ ওচৰত সেই পানী তেজৰ দৰে ৰঙা যেন দেখিলে।
2 ৰাজা 3:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে আচৰিত হৈ ক’লে, “এই চাওকচোন, চাওঁক, এইয়া তেজ! নিশ্চয়ে, সেই ৰজাসকলে এজনে আন জনক হত্যা কৰিলে আৰু তেওঁলোকৰ মৃত্যু হ’ল! গতিকে হে মোৱাবীয়াসকল ব’লা, এতিয়া আমি গৈ লুট কৰোঁহক!” |
অতি ৰাতিপুৱাতে যেতিয়া তেওঁলোকে সাৰ পালে, তেতিয়া সূৰ্যৰ ৰশ্মি পানীৰ ওপৰত প্রতিফলিত হৈছিল। মোৱাবীয়াসকলে তেওঁলোকৰ ওচৰত সেই পানী তেজৰ দৰে ৰঙা যেন দেখিলে।
কিন্তু মোৱাবীয়াসকল ইস্ৰায়েলৰ ছাউনিৰ ওচৰ আহি পোৱাত ইস্ৰায়েলীয়াসকলে অতর্কিতে ওলাই গৈ মোৱাবীয়াসকলক আক্রমণ কৰিলে আৰু মোৱাবীয়াসকল ইস্রায়েলৰ সন্মুখৰ পৰা পলাই গ’ল। ইস্ৰায়েলৰ সৈন্যসকলে মোৱাবীয়াসকলক বধ কৰি কৰি তেওঁলোকৰ দেশত সোমাই পৰিল।
কিয়নো তেতিয়া অৰামীয়া সৈন্যসকলক যিহোৱাই অনেক ৰথ, ঘোঁৰা আৰু আন বিশাল সৈন্যদলৰ শব্দ শুনাইছিল আৰু সেয়ে, অৰামীয়া সৈন্যসকলৰ এজনে আন জনক ক’বলৈ ধৰিলে, “চোৱা, আমাৰ বিৰুদ্ধে আক্ৰমণ কৰিবৰ কাৰণে ইস্ৰায়েলৰ ৰজাই হিত্তীয়া আৰু মিচৰীয় ৰজাসকলক পইচা দি আনিছে।”
তেতিয়া যিহোচাফট আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ লুটদ্ৰব্য আনিবলৈ গৈ শৱৰ লগত বহুত সম্পত্তি আৰু বহুমূল্য বাখৰ পালে৷ তেওঁলোকে সেইবোৰ নিজৰ বাবে তেওঁলোকৰ গাৰ পৰা উলিয়াই আনিলে৷ তাতে ইমান ধন হ’ল যে তেওঁলোকৰ যিমান ধন কঢ়িয়াব পৰা ক্ষমতা আছিল তাতোকৈয়ো অধিক ধন তেওঁলোকে বৈ নিলে৷ সেই লুটদ্ৰব্য ইমান অধিক আছিল যে সেইবোৰ লৈ যাবলৈ তেওঁলোকৰ তিনি দিন লাগিল।
শত্ৰুৱে কৈছিল, ‘মই পাছে পাছে খেদি যাম, মই আগ ভেটি ধৰিম, মই লুটদ্ৰব্য ভগাই ল’ম; মোৰ হাবিয়াহ তেওঁলোকৰ ওপৰত পূৰ হ’ব; মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব।’
মোৰ হাতে পক্ষীৰ বাহ জব্দ কৰা দৰে দেশবাসীৰ ধন-সম্পত্তি জব্দ কৰিম, এজনে পৰিত্যক্ত কণী গোটোৱাৰ দৰে, মই সমগ্র পৃথিৱী একত্রিত কৰিম। ডেউকা জোকাৰিবলৈ, বা মুখ মেলিবলৈ, নাইবা চিঁচিঁয়াবলৈকো কোনো নাথাকিব।ˮ
তেওঁলোকে লুটদ্ৰব্য পাই ভাগ কৰা নাই নেকি? - প্ৰতিজন পুৰুষৰ কাৰণে এজনী বা দুজনী ৰমণী; চীচৰাৰ কাৰণে খমখমীয়া ৰঙীণ পোছাক, ফুল কৰা ৰঙীণ পোছাক, মোৰ ডিঙিৰ চৌপাশে ফুল বচা দুটাকৈ পোছাক-