Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিচ 10:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 মোৰ হাতে পক্ষীৰ বাহ জব্দ কৰা দৰে দেশবাসীৰ ধন-সম্পত্তি জব্দ কৰিম, এজনে পৰিত্যক্ত কণী গোটোৱাৰ দৰে, মই সমগ্র পৃথিৱী একত্রিত কৰিম। ডেউকা জোকাৰিবলৈ, বা মুখ মেলিবলৈ, নাইবা চিঁচিঁয়াবলৈকো কোনো নাথাকিব।ˮ

অধ্যায়টো চাওক কপি কৰক




যিচ 10:14
14 পৰস্পৰ সংযোগসমূহ  

মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ, আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ, বুলি যদি মই উল্লাস কৰিলোঁ,


তোমালোকে ৰূপ লুট কৰি নিয়া, সোণ লুট কৰি নিয়া, কিয়নো বস্তুবোৰৰ সৌন্দৰ্যৰ মহিমা সীমাহীন। ইয়াতে সকলো প্ৰকাৰ মনোহৰ বস্তু অতিশয় অধিক পৰিমাণে আছে।


যিহোৱাই কৈছে, তুমি ঈগল পক্ষীৰ দৰে ওপৰলৈ উৰিলেও, আৰু তোমাৰ বাহ তৰাবোৰৰ মাজত স্থাপিত হ’লেও, মই তাৰ পৰা তোমাক নমাই আনিম।


হে শিলৰ খোৰোঙত বাস কৰা জন, হে পৰ্ব্বতৰ উচ্ছস্থানত থকা জন, তোমাৰ ভয়ানকতাৰ বিষয়ে হ’লে, তোমাৰ মনৰ অহঙ্কাৰে তোমাক প্ৰবঞ্চনা কৰিলে; যিহোৱাই কৈছে, তুমি কুৰৰ পখীৰ নিচিনাকৈ ওখত তোমাৰ বাহ সাজিলেও, মই তাৰ পৰা তোমাক নমাই আনিম।


ঘৰৰ লগত ঘৰ, আৰু পথাৰৰ লগত পথাৰ যোগ দিয়া সকলৰ সন্তাপ হওক; কোঠালি অৱশিষ্ট নাথকালৈকে, দেশত কেৱল তোমালোক অবশিষ্ট থাকিবা।


পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়, কিন্তু নম্ৰতা সন্মানৰ আগে আহে।


যাৰ দ্বাৰাই অবিৰাম ভাৱে ভুকুৱাত ক্রোধেৰে লোকসকল প্রভাৱিত হৈছিল, দেশবাসীসকলক খঙেৰে আক্রমন কৰি শাসন কৰাত অনিয়ন্ত্রিত হৈছিল।


আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা; আৰু মোৰ বিৰুদ্ধে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ।


মই আৰু মোৰ ওপৰ-পিতৃসকলে দেশবোৰৰ আটাই জাতিক কি কৰিলোঁ, সেই বিষয়ে তোমালোকে জানো নাজানা? সেই নানা দেশীয় জাতিবোৰৰ দেৱতাবোৰে জানো কোনো প্ৰকাৰে মোৰ হাতৰ পৰা নিজ নিজ দেশ ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল?


মই কুঁৱা খানিলোঁ আৰু বিদেশী পানী খালোঁ, আৰু মই মোৰ ভৰিৰ তলুৱাৰে মিচৰৰ সকলো নদীবোৰ শুকুৱাম।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন