22 অতি ৰাতিপুৱাতে যেতিয়া তেওঁলোকে সাৰ পালে, তেতিয়া সূৰ্যৰ ৰশ্মি পানীৰ ওপৰত প্রতিফলিত হৈছিল। মোৱাবীয়াসকলে তেওঁলোকৰ ওচৰত সেই পানী তেজৰ দৰে ৰঙা যেন দেখিলে।
ইতিমধ্যে মোৱাবীয়াসকলে শুনিছিল যে, তেওঁলোকৰ বিৰুদ্ধে সেই তিনিজন ৰজা যুদ্ধ কৰিবলৈ আহিছে। তেতিয়া যুদ্ধৰ সাজ পিন্ধি যুদ্ধ কৰিব পৰা সকলো একগোট হৈ দেশৰ সীমাত উপস্থিত হ’ল।
তেওঁলোকে আচৰিত হৈ ক’লে, “এই চাওকচোন, চাওঁক, এইয়া তেজ! নিশ্চয়ে, সেই ৰজাসকলে এজনে আন জনক হত্যা কৰিলে আৰু তেওঁলোকৰ মৃত্যু হ’ল! গতিকে হে মোৱাবীয়াসকল ব’লা, এতিয়া আমি গৈ লুট কৰোঁহক!”
কিয়নো তেতিয়া অৰামীয়া সৈন্যসকলক যিহোৱাই অনেক ৰথ, ঘোঁৰা আৰু আন বিশাল সৈন্যদলৰ শব্দ শুনাইছিল আৰু সেয়ে, অৰামীয়া সৈন্যসকলৰ এজনে আন জনক ক’বলৈ ধৰিলে, “চোৱা, আমাৰ বিৰুদ্ধে আক্ৰমণ কৰিবৰ কাৰণে ইস্ৰায়েলৰ ৰজাই হিত্তীয়া আৰু মিচৰীয় ৰজাসকলক পইচা দি আনিছে।”