যিহোৱাই যেহূক ক’লে, মোৰ দৃষ্টিত যি ন্যায়, তাক কৰি তুমি ভাল কৰ্ম কৰিলা, আৰু মোৰ মনত যি যি আছিল, সেই সকলোকে তুমি আহাবৰ বংশলৈ কৰিলা; এই কাৰণে চতুৰ্থ পুৰুষলৈকে তোমাৰ বংশ ইস্ৰায়েলৰ সিংহাসনত বহিব।
2 ৰাজা 13:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহূদাৰ ৰজা অহজিয়াৰ পুত্ৰ যোৱাচৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত যেহূৰ পুত্ৰ যিহোৱাহজ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ সোঁতৰ বছৰ ৰাজত্ব কৰিছিল। |
যিহোৱাই যেহূক ক’লে, মোৰ দৃষ্টিত যি ন্যায়, তাক কৰি তুমি ভাল কৰ্ম কৰিলা, আৰু মোৰ মনত যি যি আছিল, সেই সকলোকে তুমি আহাবৰ বংশলৈ কৰিলা; এই কাৰণে চতুৰ্থ পুৰুষলৈকে তোমাৰ বংশ ইস্ৰায়েলৰ সিংহাসনত বহিব।
সপ্তম বছৰত পুৰোহিত যিহোয়াদাই দেহৰক্ষীসকলৰ শত-সেনাপতি আৰু ৰক্ষক-সেনাসকলৰ শত-সেনাপতিসকললৈ বার্তা পঠাই যিহোৱাৰ গৃহত নিজৰ ওচৰলৈ মাতি আনিলে। তেওঁ তেওঁলোকৰ সৈতে এটি চর্ত কৰিলে। যিহোৱাৰ গৃহত তেওঁ তেওঁলোকক এক শপত খোৱাই লৈ ৰাজকোঁৱৰ যোৱাচক আনি তেওঁলোকক দেখুৱালে।
ইস্রায়েলত যেহূৰ ৰাজত্বৰ সপ্তম বছৰত যোৱাচ ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত চল্লিশ বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল চিবিয়া; তেওঁ বেৰ-চেবা নগৰৰ নিবাসী আছিল।
চিমিয়তৰ পুতেক যোজাখৰ আৰু চোমেৰৰ পুতেক যিহোজাবদ, এই দুজন দাসে তেওঁক আক্রমণ কৰি বধ কৰিছিল। তেওঁলোকে যোৱাচক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিলে। তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।
যিহূদাৰ ৰজা যোৱাচৰ ৰজাৰ ৰাজত্বৰ সাতত্ৰিশ বছৰৰ সময়ত যিহোৱাহজৰ পুত্ৰ যিহোৱাচ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ ষোল্ল বছৰ ৰাজত্ব কৰিছিল।
যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকেই কৰিছিল আৰু নবাটৰ পুতেক যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিসকলো পাপ কার্য কৰাইছিল, তেওঁ তাকেই কৰিছিল; তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
যিহোৱাই যেহূৰ আগত যি কৈছিল, “তোমাৰ বংশৰ চাৰি পুৰুষলৈকে ইস্ৰায়েলৰ সিংহাসনত বহিব” সেয়া পূর্ণ হ’ল।
অহজিয়াই যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বাইশ বছৰ আৰু তেওঁ এবছৰ কাল যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল অথলিয়া; তেওঁ ইস্ৰায়েলৰ ৰজা অম্ৰীৰ নাতিনীয়েক।