Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 12:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 চিমিয়তৰ পুতেক যোজাখৰ আৰু চোমেৰৰ পুতেক যিহোজাবদ, এই দুজন দাসে তেওঁক আক্রমণ কৰি বধ কৰিছিল। তেওঁলোকে যোৱাচক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিলে। তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 12:21
12 পৰস্পৰ সংযোগসমূহ  

ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই ৰাজত্ব কৰিবলৈ ধৰিলে।


যিহূদাৰ ৰজা অহজিয়াৰ পুত্ৰ যোৱাচৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত যেহূৰ পুত্ৰ যিহোৱাহজ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ সোঁতৰ বছৰ ৰাজত্ব কৰিছিল।


অৰামীয়াসকল গুচি যোৱাৰ পাছত যোৱাচ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ তেতিয়া তেওঁৰ দাসবোৰে যিহোয়াদাক পুৰোহিতৰ পুত্ৰসকলৰ ৰক্তপাতৰ কাৰণে চক্ৰান্ত কৰি, তেওঁৰ শয্যাতে তেওঁক বধ কৰিলে, তাতে তেওঁ মৰিল; পাছত তেওঁক দায়ূদৰ নগৰত মৈদাম দিয়া হ’ল, কিন্তু ৰজাসকলৰ মৈদামৰ ঠাইত মৈদাম দিয়া নহ’ল।


তাৰ পাছত দায়ূদে সেই দুৰ্গত নিবাস কৰি, তাৰ নাম দায়ূদৰ নগৰ ৰাখিলে৷ আৰু মিল্লোৰ পৰা ভিতৰৰ চাৰিওফালে গড় নিৰ্ম্মাণ কৰিলে।


পাছত ইচাখৰৰ বংশৰ অহিয়াৰ পুত্ৰ বাচাই নাদবৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনত বাচাই তেওঁক বধ কৰিলে, কিয়নো সেই সময়ত নাদব আৰু গোটেই ইস্ৰায়েলে গিব্বথোন অৱৰোধ কৰিছিল।


এইদৰে নিমচীৰ নাতি, অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূৱে যোৰামৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। সেই সময়তে ৰজা যোৰাম আৰু সমগ্র ইস্ৰায়েলবাসীয়ে অৰামৰ ৰজা হজায়েলৰ হাতৰ পৰা ৰামোৎ-গিলিয়দ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল।


যি ঘটিল, তাকে দেখি যিহূদাৰ ৰজা অহজিয়াই বৈৎ-হাগগানৰ পথেদি পলাই গ’ল। যেহূৱে তেওঁৰ পাছে পাছে খেদি গৈ চিঞৰিলে, “তেওঁকো ৰথৰ ভিতৰত বধ কৰা।” তেতিয়া তেওঁলোকে যিব্লিয়ামৰ ওচৰৰ গূৰলৈ উঠি যোৱা পথত তেওঁক আঘাত কৰিলে। অহজিয়াই মগিদ্দোলৈ পলাই গ’ল আৰু তাতে তেওঁ মৰিল।


পিছ দিনা ৰাতিপুৱা যেহূ বাহিৰলৈ ওলাই গ’ল। তেওঁ সকলো লোকৰ সন্মুখত থিয় হৈ ক’লে, আপোনালোকৰ কোনো দোষ নাই। ময়েই মোৰ প্ৰভুৰ অহিতে ষড়যন্ত্র কৰি তেওঁক বধ কৰিলোঁ; কিন্তু এওঁলোক সকলোকে কোনে বধ কৰিলে?


ৰাজ্য তেওঁৰ অধীনলৈ অহাৰ পাছতেই যি দাসবোৰে ৰজা অর্থাৎ তেওঁৰ পিতৃক বধ কৰিছিল, তেওঁলোকক তেওঁ বধ কৰিলে।


তেওঁলোকে যিৰূচালেমত অমিচিয়াৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে আৰু তেওঁ লাখীচলৈ পলাই গ’ল। কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠাই তেওঁক তাত বধ কৰিলে।


পাছত জখৰিয়াৰ বিৰুদ্ধে যাবেচৰ পুত্ৰ চল্লুমে চক্ৰান্ত কৰিলে আৰু লোকসকলৰ সন্মুখতে তেওঁক আঘাত কৰি বধ কৰিলে। তাৰ পাছত তেওঁৰ পদত নিজে ৰজা হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন