Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 ৰাজা 10:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 যিহোৱাই যেহূক ক’লে, মোৰ দৃষ্টিত যি ন্যায়, তাক কৰি তুমি ভাল কৰ্ম কৰিলা, আৰু মোৰ মনত যি যি আছিল, সেই সকলোকে তুমি আহাবৰ বংশলৈ কৰিলা; এই কাৰণে চতুৰ্থ পুৰুষলৈকে তোমাৰ বংশ ইস্ৰায়েলৰ সিংহাসনত বহিব।

অধ্যায়টো চাওক কপি কৰক




2 ৰাজা 10:30
13 পৰস্পৰ সংযোগসমূহ  

পাছত যেহূ তেওঁৰ পূর্বপুৰুষসকলৰ সৈতে নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক চমৰিয়াত মৈদাম দিলে। তেওঁৰ ঠাইত তেওঁৰ পুত্ৰ যিহোৱাহজ ৰজা হ’ল।


যিহূদাৰ ৰজা অহজিয়াৰ পুত্ৰ যোৱাচৰ ৰাজত্বৰ তেইশ বছৰৰ সময়ত যেহূৰ পুত্ৰ যিহোৱাহজ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ সোঁতৰ বছৰ ৰাজত্ব কৰিছিল।


যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াৰ ৰাজত্বৰ পোন্ধৰ বছৰৰ সময়ত ইস্ৰায়েলৰ ৰজা যিহোৱাচৰ পুত্ৰ যাৰবিয়ামে চমৰিয়াত ৰজা হ’ল আৰু তেওঁ একচল্লিশ বছৰ ৰাজত্ব কৰিলে।


যিহূদাৰ ৰজা যোৱাচৰ ৰজাৰ ৰাজত্বৰ সাতত্ৰিশ বছৰৰ সময়ত যিহোৱাহজৰ পুত্ৰ যিহোৱাচ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ ষোল্ল বছৰ ৰাজত্ব কৰিছিল।


তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি সেই ল’ৰাৰ নাম যিজ্ৰিয়েল ৰাখা; কিয়নো কিছু সময়ৰ ভিতৰত যিজ্ৰিয়েল নগৰত যেহূৱে কৰা ৰক্তপাতৰ কাৰণে মই যেহূৰ বংশক দণ্ড দিম আৰু মই ইস্ৰায়েল-বংশৰ ৰাজ্য শেষ কৰি দিম।


“আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে, সেই বিষয়ে তুমি দেখিছা নে? কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে, এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমঙ্গল নঘটাম, কিন্তু তেওঁৰ পুত্রৰ দিনত তেওঁৰ বংশলৈ সেই অমঙ্গল ঘটাম।”


আৰু যি অসন্তোসজনক কাৰ্যবোৰেৰে তুমি মোৰ ক্রোধ উত্তেজিত কৰিলা আৰু ইস্ৰায়েলক পাপ কৰোৱালা, সেই কাৰণে মই তোমাৰ বংশ, নবাটৰ পুত্র যাৰবিয়ামৰ বংশ আৰু অহিয়াৰ পুত্র বাচাৰ বংশৰ দৰে কৰিম।’


পাছত তেওঁ ৰজাক ক’লে, “যিহোৱাই এই কথা কৈছে, ‘মই যি জনক বিনাশৰ অৰ্থে বৰ্জিত কৰিছিলোঁ, তুমি নিজ হাতৰ পৰা তেওঁক এৰি দিলা; এই কাৰণে তেওঁৰ প্ৰাণৰ সলনি তোমাৰ প্ৰাণ আৰু তেওঁৰ প্ৰজাসকলৰ সলনি তোমাৰ প্ৰজাসকলৰ প্রাণ যাব’।”


আৰু নিয়মটিৰ উলঙ্ঘন প্ৰতিফল দিবলৈ তোমালোকলৈ তৰোৱাল আনিম, আৰু তোমালোকে নগৰৰ মাজত গোট খালে তোমালোকৰ মাজলৈ মহামাৰী পঠিয়াম; আৰু তোমালোকক শত্ৰুৰ হাতত শোধাই দিয়া যাব।


পাছত যাৰবিয়াম তেওঁৰ পূর্বপুৰুষ ইস্ৰায়েলৰ ৰজাসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ জখৰিয়া তেওঁৰ পদত ৰজা হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন