তেওঁৰ পুত্ৰসকলৰ কথা, তেওঁৰ বিৰুদ্ধে কোৱা গুৰুতৰ ভাৰবাক্য আৰু ঈশ্বৰৰ গৃহ পুনৰায় স্থাপন কৰা কথা ৰজাসকলৰ ইতিহাস-পুস্তকৰ টীকাশাস্ত্ৰখনত লিখা আছে। পাছত তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।
তেতিয়া যিহূদাৰ ৰজা যোৱাচে তেওঁৰ পিতৃ আৰু পূর্বপুৰুষসকলে অর্থাৎ যিহূদাৰ পূর্বৰ ৰজা যিহোচাফট, যিহোৰাম আৰু অহজিয়াই দিয়া যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা আৰু নিজৰো সকলো পবিত্র বস্তুবোৰ অৰামৰ ৰজা হজায়েলৰ ওচৰলৈ পঠাই দিলে। তাৰ লগতে, যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালবোৰত থকা সকলো সোণও পঠাই দিলে। হজায়েলে তেতিয়া যিৰূচালেম এৰি গুচি গ’ল।
চিমিয়তৰ পুতেক যোজাখৰ আৰু চোমেৰৰ পুতেক যিহোজাবদ, এই দুজন দাসে তেওঁক আক্রমণ কৰি বধ কৰিছিল। তেওঁলোকে যোৱাচক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিলে। তেওঁৰ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ’ল।
যোৱাচৰ পুত্র অমচিয়া; অমচিয়াৰ পুত্র অজৰিয়া; অজৰিয়াৰ পুত্র যোথম; যোথমৰ পুত্র আহজ;
অবিয়াৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ কাৰ্য আৰু তেওঁ কোৱা কথা ইদ্দো ভাববাদীৰ টীকা শাস্ত্ৰখনত লিখা আছে।
চোৱা, ৰজা আচা’ই যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে যিহূদা আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
যিহোচাফটৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰে পৰা শেষলৈকে ইস্ৰায়েলৰ ৰজাসকলৰ বুৰঞ্জীৰ লগতে হনানীৰ পুত্ৰ যেহূৰ ইতিহাস-পুস্তকখনিত লিখা আছে।
পাছত ৰজা আৰু যিহোয়াদাই যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা লোকসকলক সেই ৰূপ দিলে৷ তেওঁলোক যিহোৱাৰ গৃহ আগৰ দৰে কৰি ৰাখিবৰ বাবে ভাড়া কৰি অনা ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰী আৰু যিহোৱাৰ গৃহ মেৰামত কৰিবৰ বাবে লোহাৰ আৰু পিতলৰ কাম কৰোঁতাসকল আছিল।
অম্মোনীয়ানী চিমিয়তৰ পুতেক যাবদ আৰু মোৱাবীয়ানী চিম্ৰীতৰ পুতেক যিহোজাবদ, এই দুজনেই তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল।
অমচিয়াই পঁচিশ বছৰ বয়সত ৰাজপদ লৈ যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিলে৷ তেওঁৰ মাতৃ যিৰূচালেম-নিবাসিনী যিহোৱাদ্দন আছিল।
চলোমনৰ অৱশিষ্ট কাৰ্যৰ আদ্যোপান্ত বিৱৰণ নাথন ভাববাদীৰ পুস্তকখনত, চীলোনীয়া অহীয়াৰ ভাববাণীত, আৰু নবাটৰ পুত্ৰ যাৰবিয়াম-বিষয়ক ইদ্দো দৰ্শক-পুস্তকখনত জানো লিখা নাই?