11 চোৱা, ৰজা আচা’ই যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে যিহূদা আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
আৰু তেওঁৰ আদ্যোপান্ত বিৱৰণ ইস্ৰায়েলৰ আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
পুনৰ লিখক চাফনে ৰজাক জনালে, বোলে, “পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিলে।” তেতিয়া চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
হিষ্কিয়াৰ অৱশিষ্ট বৃত্তান্ত আৰু তেওঁৰ সৎকাৰ্য্যৰ কথা আমোচৰ পুত্ৰ যিচয়া ভাববাদীৰ দৰ্শন-পত্ৰিকাত, যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে।
যোথমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো যুদ্ধ আৰু সকলো স্বভাৱ চৰিত্ৰৰ কথা ইস্ৰায়েল আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
উজ্জিয়াৰ বিশেষ বিষয়বোৰ প্ৰথমৰ পৰা শেষলৈকে সকলো কথা আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে লিখা পুস্তকত আছে।
অমচিয়াৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰ পৰা শেষলৈকে যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই জানো?
যিহোচাফটৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰে পৰা শেষলৈকে ইস্ৰায়েলৰ ৰজাসকলৰ বুৰঞ্জীৰ লগতে হনানীৰ পুত্ৰ যেহূৰ ইতিহাস-পুস্তকখনিত লিখা আছে।
ৰহবিয়ামে যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে চময়িয়া ভাববাদী আৰু ইদ্দো দৰ্শকৰ ইতিহাস পুস্তক দুখনত বংশাৱলীসহ সবিশেষ লিখা আছে। ৰহবিয়াম আৰু যাৰবিয়ামৰ মাজত সদায় যুদ্ধ লাগি আছিল।
চলোমনৰ অৱশিষ্ট কাৰ্যৰ আদ্যোপান্ত বিৱৰণ নাথন ভাববাদীৰ পুস্তকখনত, চীলোনীয়া অহীয়াৰ ভাববাণীত, আৰু নবাটৰ পুত্ৰ যাৰবিয়াম-বিষয়ক ইদ্দো দৰ্শক-পুস্তকখনত জানো লিখা নাই?
তেতিয়া আচাই সেই দৰ্শকৰ ওপৰত বেজাৰ পাই তেওঁক বন্দীশালত হ’ল, কিয়নো সেই কথাতে দৰ্শকৰ ওপৰত তেওঁৰ খং উঠিছিল। সেই সময়ত আচাই প্ৰজাসকলৰ মাজৰ কিছুমান লোকক অত্যাচাৰ কৰিলে।