তাতে তেওঁলোকে ক’লে, “যিহোৱা যে তোমাৰ সঙ্গী, তাক আমি জানিলোঁ তোমাৰ আৰু আমাৰ মাজত এক শপত হ’বলৈ,
2 বংশা 15:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত তেওঁ আটাই যিহূদা আৰু বিন্যামীনক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা ইফ্ৰয়িম, মনচি আৰু চিমিয়োনৰ পৰা অহা লোকসকলক গোটালে৷ কিয়নো তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থকা দেখি, ইস্ৰায়েলৰ মাজৰ পৰা অহা অনেক লোক আহি তেওঁৰ ফলীয়া হৈছিল। |
তাতে তেওঁলোকে ক’লে, “যিহোৱা যে তোমাৰ সঙ্গী, তাক আমি জানিলোঁ তোমাৰ আৰু আমাৰ মাজত এক শপত হ’বলৈ,
যিহোৱা যে তেওঁৰ সংগে সংগে আছে আৰু তেওঁ কৰা সকলো কার্যকে যিহোৱাই যে সফল কৰি তুলিছে, তাক তেওঁৰ প্ৰভুৱে দেখিছিল।
ৰজাই এই যি বিচাৰ নিস্পত্তি কৰিলে, সেই বিষয়ে শুনি গোটেই ইস্ৰায়েলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে, বিচাৰ কৰিবৰ অৰ্থে তেওঁত ঈশ্বৰে দিয়া জ্ঞান আছে।
চৌলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পলেষ্টীয়াসকলৰ লগত দায়ুদ যোৱাৰ সময়ত, মনচিৰ পৰা কিছুমান লোক আতৰিগৈ দায়ূদৰ ফলীয়া হ’ল। কিন্তু তেওঁলোকে ফিলিষ্টীয়াসকলক সহায় কৰা নাছিল, কাৰণ ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ইজনে সিজনৰ সৈতে পৰামৰ্শ কৰি তেওঁক পঠিয়াই দিলে। তেওঁলোকে ক’লে, “তেওঁ আমাৰ জীৱন বিপদত পেলাই নিজৰ প্ৰভু চৌলৰ ফালে পলায়ন কৰিব।”
ইস্ৰায়েলৰ সকলো ফৈদৰ লোকসকলৰ মাজত, যিসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰিবৰ মন আছিল, তেওঁলোকে লেবীয়াসকলৰ অনুগামী হৈ তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যিৰূচালেমলৈ আহিল।
তাৰ পাছত যিহোচাফটে যিৰূচালেমত বসতি কৰিলে; আৰু তেওঁ পুনৰাই ওলায় বেৰ-চেবাৰ পৰা ইফ্ৰয়িম পৰ্বতীয়া অঞ্চললৈকে লোকসকলৰ মাজত ফুৰি, তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ ফালে তেওঁলোকক ঘূৰাই আনিলে।
আৰু যিহূদাৰ গোটেই সমাজ, পুৰোহিতসকল আৰু লেবীয়াসকল, ইস্ৰায়েলৰ পৰা অহা লোকসকলৰ গোটেই সমাজ আৰু ইস্ৰায়েল দেশৰ পৰা অহা বা যিহূদাত থকা সকলো বিদেশী লোকসকল - সেই সকলোৱে আনন্দ কৰিলে।
“এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি নিজৰ কাৰণে এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যিহূদাৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ সন্তান সকল।’ আৰু এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যোচেফৰ, অৰ্থাৎ ইফ্ৰয়িমৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ আটাই বংশৰ কাঠ।’
সেই সময়ত গোটেই যিহুদীয়া, গালীল, আৰু চমৰীয়া দেশৰ মণ্ডলী সমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত জীৱন-যাপন কৰিছিল ৷
চৌলে দেখিলে আৰু বুজিলে যে, যিহোৱা দায়ূদৰ লগত আছিল আৰু তেওঁৰ ছোৱালী মীখলে তেওঁক প্ৰেম কৰিছিল।