Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 চমূ 18:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 চৌলে দেখিলে আৰু বুজিলে যে, যিহোৱা দায়ূদৰ লগত আছিল আৰু তেওঁৰ ছোৱালী মীখলে তেওঁক প্ৰেম কৰিছিল।

অধ্যায়টো চাওক কপি কৰক




1 চমূ 18:28
10 পৰস্পৰ সংযোগসমূহ  

তাতে তেওঁলোকে ক’লে, “যিহোৱা যে তোমাৰ সঙ্গী, তাক আমি জানিলোঁ তোমাৰ আৰু আমাৰ মাজত এক শপত হ’বলৈ,


তেতিয়া লাবনে তেওঁক ক’লে, “যদিহে মই তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে থাকা। কাৰণ যিহোৱাই যে তোমাৰ কাৰণে মোক আশীৰ্ব্বাদ কৰিছে, তাক মই অনুমান কৰি বুজিছোঁ।”


যিহোৱা যে তেওঁৰ সংগে সংগে আছে আৰু তেওঁ কৰা সকলো কার্যকে যিহোৱাই যে সফল কৰি তুলিছে, তাক তেওঁৰ প্ৰভুৱে দেখিছিল।


চোৱা! চয়তানৰ সমাজৰ যি লোক সকলে নিজকে ইহুদী বোলে, কিন্তু ইহুদী নহয়, বৰং মিছাকৈয়ে কয়; এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম, তাতে মই যে তোমাক প্ৰেম কৰিলোঁ, সেই বিষয়ে তেওঁলোকে জানিব।


তাৰ পাছত চৌলৰ জীয়েক মীখলে দায়ূদক প্ৰেম কৰিলে। তেতিয়া লোকসকলে সেই কথা চৌলক জনালে আৰু তেওঁ সন্তোষ পালে।


সেই সময় উকলি যোৱাৰ পূৰ্বে, দায়ূদে লোকসকলৰ সৈতে গ’ল, আৰু পলেষ্টীয়াসকলৰ দুশ জনক বধ কৰিলে। ৰজাৰ জোঁৱাই হ’বৰ কাৰণে তেওঁ সম্পূৰ্ণ দুশ জনৰ লিঙ্গাগ্ৰ-চৰ্ম্ম আনি ৰজাক দিলে। তাতে চৌলে তেওঁৰ লগত নিজ জীয়েক মীখলক বিয়া দিলে।


পাছত চৌলে দায়ূদলৈ অধিক বেছি ভয় কৰিবলৈ ধৰিলে। এইদৰে চৌল সদায় দায়ূদৰ শত্ৰু হৈ থাকিল।


এতিয়া মই জানিছোঁ যে, তুমি নিশ্চয় ৰজা হ’বা, আৰু ইস্ৰায়েলৰ ৰাজ্য তোমাৰ হাতত স্থাপন কৰা হ’ব।”


পাছত চৌলে দায়ূদক ক’লে, “হে মোৰ বোপা দায়ুদ, তুমি ধন্য; তুমি অৱশ্যে মহৎ কৰ্ম কৰিবা, আৰু কৃতকাৰ্যও হ’বা।” পাছত দায়ূদে নিজ বাটেদি গুচি গ’ল, আৰু চৌলো তেওঁৰ ঠাইলৈ উভটি গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন