28 ৰজাই এই যি বিচাৰ নিস্পত্তি কৰিলে, সেই বিষয়ে শুনি গোটেই ইস্ৰায়েলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে, বিচাৰ কৰিবৰ অৰ্থে তেওঁত ঈশ্বৰে দিয়া জ্ঞান আছে।
যি জনে আপোনাক ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহুৱাবলৈ আপোনাত সন্তোষ পালে, আপোনাৰ সেই ঈশ্বৰ যিহোৱা ধন্য৷ কিয়নো যিহোৱাই ইস্ৰায়েলক সদাকাললৈকে প্ৰেম কৰে, সেই কাৰণে তেওঁ বিচাৰ আৰু ধৰ্ম প্ৰচলিত কৰিবলৈ আপোনাক ৰাজপদত নিযুক্ত কৰিলে।”
তেতিয়া ৰজাই উত্তৰ দি ক’লে, “এই জনীকে জীয়া ল’ৰাটি দিয়া আৰু কোনো মতে তাক বধ নকৰিবা৷ এই জনীয়েই তাৰ মাতৃ।”
চলোমন গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা আছিল।
সকলো নেতাসকল, সৈন্যসকল, আৰু দায়ুদ ৰজাৰ পুত্ৰসকল চলোমন ৰজাৰ অধীন হ’ল।
হে ইজ্ৰা, আপোনাৰ ঈশ্বৰে আপোনাক দিয়া জ্ঞানেৰে, ঈশ্বৰৰ বিধান জনা এজনক শাসনকৰ্ত্তা আৰু বিচাৰকৰ্ত্তা নিযুক্ত কৰা উচিত, কাৰণ তেতিয়া তেওঁ নদীৰ সিপাৰে থকা লোকসকলক সেৱা কৰিব পাৰিব, আৰু যি সকলে বিধান নাজানে তেওঁলোকক নিশ্চয় শিকোৱাও প্রয়োজন।
তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।
তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, অভাৱগ্রস্ত সন্তান সকলক ৰক্ষা কৰিব; কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব।
ইস্ৰায়েলী লোক সকলে যেতিয়া মিচৰীয়া সকলৰ বিৰুদ্ধে যিহোৱাৰ মহা পৰাক্রম দেখিলে, তেতিয়া তেওঁলোকে যিহোৱাৰ গৌৰৱ কৰিলে,আৰু তেওঁলোকে যিহোৱা আৰু তেওঁৰ দাস মোচিক বিশ্বাস কৰিলে।
ৰজাৰ ওঁঠত ঈশ্বৰীয় বাক্য থাকে; বিচাৰত তেওঁৰ মুখে অন্যায়ৰ কথা নকয়।
হে মোৰ পুত্র, যিহোৱালৈ ভয় কৰা, আৰু ৰজাক ভয় কৰা। তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা সকলৰ সৈতে সহযোগ নকৰিবা।
বিষয়সমূহ গোপন ৰখাই ঈশ্বৰৰ গৌৰৱ; কিন্তু কথা অনুসন্ধান কৰি মুকলি কৰা ৰজাসকলৰ গৌৰৱ।
মোৰ দ্বাৰাই ৰজাসকলে ৰাজত্ব কৰে, অভিজাত লোকসকল আৰু ন্যায়েৰে যিসকল লোকে শাসন কৰে, সেইসকলো মোৰেই।
দহজন শাসনকর্তাই এখন নগৰক যিমান শক্তিশালী কৰে, প্রজ্ঞাই এজন জ্ঞানৱানক তাতোকৈ অধিক পৰিমাণে শক্তিশালী কৰে।
বিচাৰ আসনত বহা জনৰ বাবে ন্যায় বিচাৰৰ আত্মা, আৰু তেওঁলোকৰ দুৱাৰত শত্রুবোৰক ঘূৰাই অনা লোকসকললৈ বল হ’ব।
ঈশ্বৰে সেই চাৰি জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্রজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্রকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ’ল।
তেওঁ সময়, আৰু কাল পৰিবৰ্তন কৰে; তেওঁ ৰজাক তেওঁৰ সিংহাসনৰ পৰা আঁতৰাই, আৰু সিংহাসনত ৰজাক বহুৱাই; তেওঁ জ্ঞানীলোকক প্রজ্ঞা দিয়ে, আৰু বিবেচকসকলক জ্ঞান দিয়ে।
ৰজাই দানিয়েলক ক’লে, “তোমাৰ ঈশ্বৰ সঁচা, ঈশ্বৰৰো ঈশ্বৰ, ৰজাৰো ৰজা, আৰু নিগূঢ় বিষয় প্রকাশ কৰিব পৰা এজনা, সেয়ে তুমি এই নিগূঢ় কথা বুজিব পাৰিছা।”
পবিত্ৰ দেৱতাবোৰৰ আত্মা থকা এজন মানুহ আপোনাৰ ৰাজ্যত আছে। আপোনাৰ পিতৃ থকা সময়ত জ্ঞান, বিবেচনা, আৰু দেৱতাবোৰৰ প্রজ্ঞাৰ দৰে প্রজ্ঞা তেওঁত বিচাৰি পোৱা গৈছিল। আপোনাৰ পিতৃ, ৰজা নবূখদনেচৰে, তেওঁক শাস্ত্রজ্ঞ, মৃতলোকৰ লগত কথা পতাসকল, জ্ঞানীলোক, আৰু জ্যোতিষী সকলৰ ওপৰত অধ্যক্ষ নিযুক্ত কৰিছিল।
কিন্তু ইহুদী লোকেই হওক বা গ্রীক লোকেই হওক, ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে, আমি তেওঁলোকৰ ওচৰত খ্রীষ্টক ঈশ্বৰৰ শক্তি আৰু জ্ঞানস্বৰূপে প্রচাৰ কৰোঁ।
কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হ’ল। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা, পবিত্রতা আৰু মুক্তি।
মই বিচাৰো তেখেত সকলৰ হৃদয়ে যেন আশ্বাস পায় আৰু তেখেত সকলে প্ৰেমত সংযুক্ত হৈ সম্পূৰ্ণ নিশ্চয়তাযুক্ত বুদ্ধিৰূপ সকলো ধনত ধনী হ’বৰ বাবে যেন ঈশ্বৰৰ নিগূঢ়-তত্ব জানে, সেই নিগূঢ় তত্বই হ’ল, খ্ৰীষ্ট৷
সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে।
সেইদিনা যিহোৱাই গোটেই ইস্ৰায়েলৰ সাক্ষাতে যিহোচূৱাক গৌৰৱান্বিত কৰিলে; সেয়েহে ইস্ৰায়েলৰ সন্তান সকলে মোচিক যেনেকৈ সন্মান কৰিছিল, তেনেকৈ তেওঁকো তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকে সন্মান কৰিলে।
তাৰ পাছত চমূৱেলে যিহোৱাৰ ওচৰত নিবেদন কৰিলে, আৰু সেই দিনাই যিহোৱাই মেঘ-গৰ্জ্জনেৰে বৃষ্টি বৰষালে। এই সকলো দেখি, লোক সকলে যিহোৱালৈ আৰু চমূৱেললৈ অতিশয় ভয় কৰিলে।