তাৰ পাছত চাদোকৰ পুত্ৰ অহীমাচে ক’লে, “যিহোৱাই কেনেকৈ ৰজাৰ পক্ষে তেওঁৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিলে, তাৰ শুভবাৰ্ত্তা ৰজাক দিবলৈ মোক এতিয়া লৰি যাবলৈ দিয়ক।”
2 চমূ 4:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে ঈচ্বোচতৰ মূৰটো হিব্ৰোণত থকা দায়ূদৰ ওচৰলৈ নি ৰজাক ক’লে, “চাওঁক, আপোনাৰ প্ৰাণ নাশৰ চেষ্টা কৰা চৌলৰ পুত্ৰ ঈচ্বোচতৰ মুৰ এইয়া। যিহোৱাই আজি মোৰ প্ৰভু মহাৰাজৰ পক্ষে চৌল আৰু তেওঁৰ বংশৰ ওপৰত প্ৰতিকাৰ সাধিলে।” |
তাৰ পাছত চাদোকৰ পুত্ৰ অহীমাচে ক’লে, “যিহোৱাই কেনেকৈ ৰজাৰ পক্ষে তেওঁৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিলে, তাৰ শুভবাৰ্ত্তা ৰজাক দিবলৈ মোক এতিয়া লৰি যাবলৈ দিয়ক।”
তেতিয়াই সেই কুচীয়াই আহি ক’লে, “মোৰ প্ৰভু মহাৰাজলৈ বাতৰি আনিছোঁ কিয়নো আপোনাৰ অহিতে উঠা আটাই মানুহৰ ওপৰত আজি আপোনাৰ পক্ষে যিহোৱাই প্ৰতিকাৰ সাধিলে।”
ইয়াৰ ভিতৰতে নেৰৰ পুত্ৰ যি অবনেৰ চৌলৰ সেনাপতি আছিল, তেওঁ চৌলৰ পুত্ৰ ঈচ্বোচতক মহনয়িমলৈ লৈ গ’ল।
মই তোমাৰ ধাৰ্মিকতাৰ কথা ওৰে দিনটো কৈ থাকিম; মোৰ অনিষ্টলৈ চেষ্টা কৰোঁতাবিলাক পৰাজিত হ’ল আৰু তেওঁলোকে লাজ পাই নিন্দিত হ’ল।
“উঠা, ল’ৰাটি আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ উলটি যোৱা; কিয়নো যি সকলে এই শিশুটোৰ প্ৰাণ নাশ কৰিবলৈ বিচাৰি আছিল, তেওঁলোকৰ মৃত্যু হ’ল।”
“হে স্বৰ্গ, পবিত্ৰ লোক, পাঁচনি আৰু ভাববাদী সকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সোধ-বিচাৰ তাইৰ ওপৰত কৰিলে!”
তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “হে সকলোৰে শাসনকর্তা, পবিত্ৰ আৰু সত্য প্ৰভু, সোধ-বিচাৰ কৰিবলৈ আৰু পৃথিৱীত বাস কৰা সকলক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ, তুমি কিমান কাল পলম কৰিবা?”
চৌলে সেই যাঠি ডাল দলিয়ালে কাৰণ তেওঁ ভাবিছিল, “মই দায়ূদক বেৰত শালিম।” কিন্তু দায়ুদ চৌলৰ পৰা দুবাৰ এইদৰে ৰক্ষা পালে।
চৌলে তেওঁৰ পুত্ৰ যোনাথন আৰু তেওঁৰ সকলো দাসৰ আগত দায়ূদক বধ কৰাৰ কথা ক’লে। কিন্তু চৌলৰ পুত্ৰ যোনাথনে দায়ূদক ভাল পাইছিল।
তাতে চৌলে দায়ূদক চাবলৈ বৰ্তাবাহকক পঠাই ক’লে, “মই বধ কৰিবৰ কাৰণে তেওঁক বিচনাৰে সৈতে মোৰ ওচৰলৈ লৈ আহা।”
তাৰ পাছত দায়ূদে ৰামাৰ নায়োতৰ পৰা পলাই যোনাথনৰ ওচৰলৈ আহি ক’লে, “মই নো কি কৰিলোঁ? মোৰ অপৰাধ কি? আপোনাৰ পিতৃৰ আগত মই কি পাপ কৰিলোঁ, তেওঁ যে মোৰ প্ৰাণ লবলৈ চেষ্টা কৰিছে?”
দায়ুদ জীফ মৰুপ্ৰান্তৰ অৰণ্যত থকা সময়ত, তেওঁ দেখিলে যে, চৌলে তেওঁৰ প্ৰাণনাশৰ চেষ্ঠাৰে ওলাই আহিছে।
দায়ূদৰ লোকসকলে তেওঁক ক’লে, “চাওক যি দিনৰ বিষয়ে যিহোৱাই আপোনাক কৈছিল সেইদিন আজিয়ে, ‘মই তোমাৰ শত্ৰুক তোমাৰ হাতত সমৰ্পণ কৰিম’ তাতে তোমাৰ যি ইচ্ছা, তাকে তালৈ কৰিবা।” তেতিয়া দায়ূদে গৈ গোপনে চৌলৰ চোলাৰ তল ভাগৰ এডোখৰ কাটি ল’লে।
আৰু এজন লোক আপোনাৰ পাছে পাছে খেদি যাবলৈ আৰু আপোনাৰ প্ৰাণনাশৰ চেষ্টা কৰিবলৈ উঠিলেও, আপোনাৰ ঈশ্বৰ যিহোৱাৰ ওচৰত মোৰ প্ৰভুৰ প্ৰাণ জীৱনস্বৰূপ টোপোলাত বন্ধা থাকিব, আৰু তেওঁ আপোনাৰ শত্ৰুবোৰৰ প্ৰাণ যেন ফিঙ্গাত ৰাখি দলিয়াই পেলাব।