Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -

1 চমূ 20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019


20 অধ্যায় দায়ূদৰ সৈতে চৌলক পুনৰায় মিলাবলৈ যোনাথনে চেষ্টা কৰা।

1 তাৰ পাছত দায়ূদে ৰামাৰ নায়োতৰ পৰা পলাই যোনাথনৰ ওচৰলৈ আহি ক’লে, “মই নো কি কৰিলোঁ? মোৰ অপৰাধ কি? আপোনাৰ পিতৃৰ আগত মই কি পাপ কৰিলোঁ, তেওঁ যে মোৰ প্ৰাণ লবলৈ চেষ্টা কৰিছে?”

2 যোনাথনে দায়ূদক ক’লে, “ইয়াৰ পৰা আঁতৰি থাকক, আপোনাৰ মৃত্যু নহয়। মোৰ পিতৃয়ে ডাঙৰ কি সৰু কোনো কাম মোক নোকোৱাকৈ নকৰে। মোৰ পিতৃয়ে এই কথা মোৰ পৰা কিয় গোপনে ৰাখিব? সেয়ে নহয়।”

3 তথাপিও দায়ূদে শপত খাই ক’লে, “মই তোমাৰ দৃষ্টিত যে অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তাক তোমাৰ পিতৃয়ে ভালকৈ জানে; তেওঁ কৈছে, ‘যোনাথনক এই কথা জানিবলৈ নিদিবা, জানিলে সি অসন্তোষ পাব’। কিন্তু যিহোৱাৰ জীৱনৰ আৰু তোমাৰ জীৱনৰ শপত, মোৰ আৰু মৃত্যুৰ মাজত নিশ্চয়ে এখোজহে অন্তৰ আছে।”

4 তেতিয়া যোনাথনে দায়ূদক ক’লে, “আপুনি যি ক’ব বিচাৰে কওক, মই আপোনাৰ কাৰণে তাকেই কৰিম।”

5 দায়ূদে যোনাথনক ক’লে, “কাইলৈ ন-জোন ওলাব; তাতেই ময়েই ৰজাৰ লগত ভোজনত বহিব লাগিব। কিন্তু তুমি মোক যাবলৈ দিয়া, মই তৃতীয় দিনৰ গধূলিলৈকে পথাৰত লুকাই থাকিম।

6 যদি তোমাৰ পিতৃয়ে মই নথকাটো মন কৰে, তেন্তে তুমি ক’বা, ‘দায়ূদে নিজ নগৰ বৈৎলেহেমলৈ সোনকালে যাবৰ কাৰণে মোৰ আগত বৰ আগ্ৰহেৰে অনুমতি বিচাৰিলে; কাৰণ সেই ঠাইত গোটেই বংশৰ কাৰণে এটা বছৰেকীয়া যজ্ঞ হৈ আছে।’

7 তেওঁ যদি কয়, ‘ঠিকেই আছে’, তেতিয়া তোমাৰ দাসৰ মঙ্গল হ’ব। কিন্তু যদি তেওঁৰ খং উঠে, তেন্তে জানিবা যে, তেওঁ অমঙ্গলৰ কথা চিন্তা কৰিছে।

8 এই হেতুকে তুমি তোমাৰ দাসলৈ অনুগ্ৰহ কৰিবা; কাৰণ তুমি তোমাৰ এই দাসক তোমাৰে সৈতে যিহোৱাৰ চুক্তিলৈ আনিছা। তথাপি যদি মোৰ কোনো অপৰাধ থাকে, তেন্তে তুমি নিজে মোক বধ কৰা; তেনেহলে কিয় মোক তোমাৰ পিতৃৰ ওচৰলৈ নিব খুজিছা?”

9 যোনাথনে ক’লে, “এনে ভয় আপোনাৰ পৰা দূৰ হওক! কাৰণ মোৰ পিতৃয়ে আপোনালৈ অমঙ্গল ঘটাবলৈ স্থিৰ কৰা কথা যদি মই কেনেবাকৈ জানিব পাৰোঁ, তেন্তে মই জানো আপোনাক কৈ নিদিম?”

10 তেতিয়া দায়ুদে যোনাথনক ক’লে, “তোমাৰ পিতৃয়ে তোমাক কটু উত্তৰ দিলে, তাক কোনে মোক ক’ব?”

11 যোনাথনে দায়ুদক ক’লে, “আহক, আমি পথাৰলৈ ওলাই যাওঁহঁক।” সেয়ে দুয়ো পথাৰলৈ ওলাই গ’ল।

12 যোনাথনে দায়ুদক ক’ল, “মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক সাক্ষী কৰি কৈছোঁ যে, কাইলৈ বা পৰহিলৈ প্ৰায় এই সময়ত মোৰ পিতৃৰ মন চাম; তাতে আপোনালৈ অনুগ্ৰহ থকাৰ প্ৰমাণ পালে, মই তেতিয়াই মানুহ পঠিয়াই আপোনাক সেই বিষয়ে নজনাম নে?

13 যদি আপোনাৰ অমঙ্গল কৰিবলৈ মোৰ পিতৃ মন থাকে, আৰু মই সেই বিষয়ে আপোনাক নজনাও, তেনেহলে যিহোৱাই যোনাথনক অমুক আৰু তাতকৈ অধিক দণ্ড দিয়ক; তেনেকুৱা হ’লে, আপোনাক বিদায় দিম; তাতে আপুনি কুশলে যাব; আৰু যিহোৱা মোৰ পিতৃৰ লগত থকাৰ দৰে আপোনাৰ লগতো থাকক।

14 মই নমৰিবৰ কাৰণে আপুনি যে কেৱল মই জীয়াই থকা কালত যিহোৱাৰ অনুগ্ৰহ মোৰ বাবে দেখুৱাব এনে নহয়;

15 কিন্তু মোৰ বংশলৈকো দয়া কৰিবলৈ কেতিয়াও ক্ৰুতি নকৰিব, আনকি যেতিয়া যিহোৱাই দায়ুদৰ শত্ৰুবোৰৰ প্ৰতিজনক পৃথিবীৰ পৰা উচ্ছন্ন কৰিব, তেতিয়াও নকৰিবা।”

16 এইদৰে যোনাথনে দায়ূদৰ পৰিয়ালৰ সৈতে এটা চুক্তি কৰিলে আৰু তেওঁ ক’লে, যিহোৱাই দায়ুদক শত্ৰুবোৰৰ হাতৰ পৰা ৰক্ষা কৰক।

17 এইদৰে যোনাথনে দায়ুদৰ ওচৰত পুনৰ প্রতিজ্ঞা কৰিলে, কাৰণ তেওঁ তেওঁক প্ৰেম কৰিছিল; তেওঁ নিজ প্ৰাণৰ দৰে দায়ূদক প্ৰেম কৰিছিল।

18 সেয়ে যোনাথনে দায়ুদক ক’লে, “কাইলৈ ন-জোন ওলাব; তাতে আপোনাৰ অনুপস্থিতি অনুভৱ হ’ব, কাৰণ আপোনাৰ আসন খালী হৈ থাকিব।

19 আপুনি পৰহিলৈ অতি বেগাই নামি আহিব, আৰু আগেয়ে যি ঠাইত আহি লুকাই আছিল, সেই ঠাইলৈ আহি এজল নামৰ শিলটোৰ ওচৰত লুকাই থাকিব।

20 তাতে মই লক্ষ্য কৰি মৰাৰ দৰে তিনিটা কাঁড় মাৰিম।

21 আৰু মই এজন ডেকা ল’ৰাক সেই ঠাইলৈ পঠিয়াম আৰু তেওঁক ক’ম, ‘যোৱা আৰু কাঁড়বোৰ বিচাৰা’। যদি মই সেই ডেকা ল’ৰাক কওঁ, কাঁড় কেইডাল এইফালে আছে, তাৰ পৰা তুলি আনা’; তেনেহলে আপুনি আহিব। কিয়নো কোনো ভয় নাই, যিহোৱাৰ জীৱনৰ শপত তোমাৰ মঙ্গলহে হ’ব।

22 কিন্তু মই যদি ডেকা ল’ৰাটোক কওঁ, ‘চোৱা, কাঁড়বোৰ তোৰ সিফালে আছে’, তেতিয়া আপুনি নিজৰ পথত গুচি যাব; কাৰণ যিহোৱাই আপোনাক বিদায় দিছে।

23 আপোনাৰ আৰু মোৰ মাজত হোৱা চুক্তি আৰু মই কোৱা কথাবোৰ মনত ৰাখিব; যিহোৱা আপোনাৰ আৰু মোৰ মাজত চিৰদিন সাক্ষী হৈ আছে।”

24 তাৰ পাছত দায়ূদে গৈ পথাৰত লুকাই থাকিল; পাছত যেতিয়া ন-জোন ওলাল, তেতিয়া ৰজাই আহি ভোজনত বহিল।

25 তাতে ৰজাই সচৰাচৰ বহাৰ দৰে দেৱালৰ ওচৰত থকা আসনত গৈ বহিল। পাছত যোনাথন উঠি থিয় হ’ল আৰু অবনেৰ চৌলৰ কাষতে বহিল, কিন্তু দায়ুদৰ আসন খালী হৈ থাকিল।

26 সেইদিনা চৌলে একোকে নক’লে; কাৰণ তেওঁ ভাবিলে, “দায়ূদৰ কিবা হয়তো হৈছে। সি শুচি নহয়, সঁচাকৈ সি শুচি নহয়।”

27 ন-জোনৰ পাছদিনা অৰ্থাৎ মাহৰ দ্বিতীয় দিনাও দায়ুদৰ আসন শূণ্য হৈ থকাত চৌলে নিজৰ পুত্ৰ যোনাথনক সুধিলে, “যিচয়ৰ পুতেক কালি আৰু আজিও ভোজলৈ কিয় অহা নাই?”

28 তেতিয়া যোনাথনে উত্তৰ দি চৌলক ক’লে, “দায়ুদে বৈৎলেহেমলৈ যাবৰ কাৰণে বৰ আগ্ৰহেৰে মোৰ পৰা অনুমতি বিচাৰিলে;

29 আৰু মোক ক’লে, ‘মই মিনতি কৰিছোঁ, মোক যাবলৈ দিয়া; কিয়নো নগৰত আমাৰ গোষ্ঠীৰ এক যজ্ঞ হ’ব, আৰু মোৰ ককায়ে মোক তাত উপস্থিত হ’বলৈ আজ্ঞা কৰিছে; এই হেতুকে মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে বিনয় কৰোঁ, মোক যাবলৈ দিয়া; মই গৈ মোৰ ভাইসকলক চাই আহোঁ’। এই কাৰণে তেওঁ মহাৰাজৰ মেজলৈ আহিব পৰা নাই’।”

30 তেতিয়া যোনাথনলৈ চৌলৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ যোনাথনক ক’লে, “হেৰ’ বিপথগামীনী আৰু বিদ্ৰোহীনী তিৰোতাৰ পুতেক, তই তোৰ লাজ, আৰু তোৰ মাৰক বিবস্ত্ৰ কৰাৰ লাজ প্ৰকাশ কৰিবলৈ যে যিচয়ৰ পুতেকক মনোনীত কৰিলি, তাক জানো মই নাজানো?

31 কিন্তু যিচয়ৰ পুতেক যেতিয়ালৈকে পৃথিবীত জীয়াই থাকিব, তেতিয়ালৈকে তই থিৰে থাকিব নোৱাৰিবি, আৰু তোৰ ৰজাও থিৰে নাথাকিব; এই হেতুকে এতিয়া মানুহ পঠাই তাক মোৰ আগলৈ আন; কিয়নো সি মৰিবই লাগিব”;

32 তাতে যোনাথনে উত্তৰ দি নিজৰ বাপেক চৌলক ক’লে, “তেওঁ কিয় মৰিব? তেওঁনো কি কৰিলে?

33 তেতিয়া চৌলে যোনাথনক মাৰিবৰ বাবে যাঠি মাৰি পঠালে। তেতিয়া যোনাথনে বুজিলে যে, তেওঁৰ পিতৃ চৌলে সচাঁকৈয়ে দায়ূদক বধ কৰিবলৈ চল বিচাৰি আছে।

34 তাতে যোনাথন অতিশয় ক্ৰুদ্ধ হৈ উঠিল আৰু ভোজনৰ মেজৰ পৰা উঠি গ’ল। এইদৰে তেওঁ মাহৰ দ্বিতীয় দিনাও একো ভোজন নকৰিলে। দায়ুদৰ কাৰণে তেওঁ বেজাৰ পালে, কিয়নো তেওঁৰ পিতৃয়ে তেওঁক অপমান কৰিছিল।

35 পাছদিনা ৰাতিপুৱা দায়ুদেৰে সৈতে নিৰূপণ কৰা পথাৰলৈ যোনাথনে ওলাই গ’ল আৰু তেওঁৰ লগত এজন ডেকা ল’ৰা আছিল।

36 তেওঁ সেই ডেকা ল’ৰাক ক’লে, “দৌৰ আৰু মই মাৰি পঠোৱা কাঁড়বোৰ বিচাৰি আন।” তাতে ল’ৰাটিয়ে দৌৰ মাৰোতে তেওঁ তাৰ সিফালে পৰাকৈ কাঁড়বোৰ মাৰিলে।

37 তাতে ডেকা ল’ৰা জনে গৈ যোনাথনে মাৰি পঠোৱা কাঁড়বোৰৰ ওচৰ পোৱাত, তেওঁ তাক ক’লে, ‘তোৰ সিফালে জনো কাঁড়বোৰ নাই’?

38 পাছত যোনাথনে ল’ৰাজনক মাতি ক’লে, “বেগাই দৌৰি আহ। তাত ৰৈ নাথাকিবি।” তেতিয়া সেই ল’ৰাজনে কাঁড়বোৰ বুটলি আনি যোনাথানৰ ওচৰলৈ আহিল।

39 কিন্তু ল’ৰাজনে একো বুজি নাপালে; মাত্ৰ দায়ূদেহে এই বিষয় বুজি পালে।

40 পাছত যোনাথনে নিজৰ ধনু-কাঁড়বোৰ ল’ৰা জনৰ হাতত দিলে আৰু ক’লে, “যোৱা, এইবোৰ লৈ নগৰলৈ যোৱা।”

41 তাৰ পাছত ডেকা ল’ৰা জন যোৱাৰ লগে লগে দায়ূদে দক্ষিণ দিশৰ পৰা ওলাই আহিল আৰু তললৈ মুখ কৰি পৰি তিনিবাৰ প্ৰণিপাত কৰিলে। তাতে তেওঁলোক পৰস্পৰে চুমা খালে আৰু কান্দিলে; তাতে দায়ুদৰ সৈতে অধিক ক্ৰন্দন হ’ল।

42 পাছত যোনাথনে দায়ুদক ক’লে, “আপুনি কুশলে যাওক; কিয়নো আমি দুয়ো যিহোৱাৰ নামেৰে এই শপত খালো যে, যিহোৱা আপোনাৰ আৰু মোৰ মাজত থকাৰ দৰে আপোনাৰ বংশ আৰু মোৰ বংশৰ মাজতো সদাকাল থাকিব।” পাছত তেওঁ উঠি গুচি গ’ল, আৰু যোনাথন নগৰলৈ উভতি গ’ল।

Creative Commons License

Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.

Bridge Connectivity Solutions Pvt. Ltd.
আমাক অনুসৰণ কৰক:



বিজ্ঞাপন