Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 চমূ 18:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

31 তেতিয়াই সেই কুচীয়াই আহি ক’লে, “মোৰ প্ৰভু মহাৰাজলৈ বাতৰি আনিছোঁ কিয়নো আপোনাৰ অহিতে উঠা আটাই মানুহৰ ওপৰত আজি আপোনাৰ পক্ষে যিহোৱাই প্ৰতিকাৰ সাধিলে।”

অধ্যায়টো চাওক কপি কৰক




2 চমূ 18:31
11 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত চাদোকৰ পুত্ৰ অহীমাচে ক’লে, “যিহোৱাই কেনেকৈ ৰজাৰ পক্ষে তেওঁৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিলে, তাৰ শুভবাৰ্ত্তা ৰজাক দিবলৈ মোক এতিয়া লৰি যাবলৈ দিয়ক।”


ঈশ্বৰে যেতিয়া তেওঁলোকৰ ওপৰত প্রতিশোধ লোৱা ধাৰ্মিক লোকে দেখিব, তেতিয়া তাকে দেখি তেওঁলোকে আনন্দ কৰিব। তেওঁ নিজৰ ভৰি দুষ্টৰ তেজেৰে ধুব।


তেতিয়া অহীমাচে ৰিঙিয়াই ৰজাক ক’লে, “সকলো মঙ্গলময়৷” পাছত তেওঁ মাটিত মুখ লগাই ৰজাৰ আগত সেৱা কৰি ক’লে, “যি জনে মোৰ প্ৰভু ৰজাৰ অহিতে হাত তোলা লোকসকলক শোধাই দিলে, আপোনাৰ সেই ঈশ্বৰ যিহোৱা ধন্য।”


হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়! কিন্তু যিসকলে তোমাক প্ৰেম কৰে, সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্যৰ নিচিনা হৈ উঠে। ইয়াৰ পাছত দেশত চল্লিশ বছৰলৈকে শান্তি আছিল।


ৰজাই ক’লে, “একাষে গৈ ইয়াতে থিয় হোৱা।” তাতে অহীমাচে একাষে গৈ থিয় হ’ল।


তেতিয়া বেলটচচৰ নামেৰে প্ৰখ্যাত দানিয়েলে অলপ সময়ৰ বাবে বিচলিত হ’ল, আৰু চিন্তাত ব্যাকুল হ’ল। ৰজাই ক’লে, “হে বেলটচচৰ, সেই সপোন আৰু তাৰ ফলিতাই আপোনাক ব্যাকুল নকৰক।” বেলটচচৰে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু, আপোনাক ঘিণ কৰা সকল আৰু আপোনাৰ শত্রুবোৰৰ বাবে এই সপোন আৰু ইয়াৰ ফলিতা হওক।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন