কাৰণ মই মোৰ পূর্বপুৰুষসকলৰ মৈদামৰ মাজত সমাধিস্থ হ’ব বিচাৰো। তুমি মোৰ মৃতদেহ মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ গৈ আমাৰ পূর্বপুৰুষসকলক যি ঠাইত মৈদাম দিয়া হৈছিল, সেই ঠাইতে মোকো মৈদাম দিবা।” যোচেফে তেওঁক ক’লে, “আপুনি কোৱাৰ দৰেই মই কৰিম।”
2 চমূ 19:37 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু মিনতি কৰোঁ, আপোনাৰ এই দাসক ঘৰলৈ উলটি যাবলৈ দিয়ক, যাতে মই নিজ নগৰত, নিজ পিতৃ-মাতৃৰ মৈদামৰ কাষতেই মৰিম। কিন্তু চাওক, এয়া আপোনাৰ দাস কিমহম৷ ইয়াক মোৰ প্ৰভু মহাৰাজৰ লগত পাৰ হৈ যাবলৈ দিয়ক আৰু আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে, আপুনি ইয়ালৈ তাকেই কৰক।” |
কাৰণ মই মোৰ পূর্বপুৰুষসকলৰ মৈদামৰ মাজত সমাধিস্থ হ’ব বিচাৰো। তুমি মোৰ মৃতদেহ মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ গৈ আমাৰ পূর্বপুৰুষসকলক যি ঠাইত মৈদাম দিয়া হৈছিল, সেই ঠাইতে মোকো মৈদাম দিবা।” যোচেফে তেওঁক ক’লে, “আপুনি কোৱাৰ দৰেই মই কৰিম।”
পাছত ইস্ৰায়েলে যোচেফক ক’লে, “চোৱা, মই এতিয়া প্ৰায় মৰিবলৈ ওলোৱাৰ নিচিনা; কিন্তু ঈশ্বৰ তোমালোকৰ সঙ্গী হ’ব, আৰু তোমালোকক পুনৰায় তোমালোকৰ ওপৰ-পিতৃসকলৰ দেশলৈ লৈ যাব।
তেওঁৰ পুত্ৰসকলে তেওঁক কনান দেশলৈ লৈ গ’ল আৰু মম্ৰিৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ যি গুহা আছিল, তাতে মৈদাম দিলে। অব্ৰাহামে পথাৰে সৈতে সেই গুহা মৈদাম দিবৰ বাবে কিনিছিল। তেওঁ হিত্তীয়া ইফ্রোণৰ পৰা সেই ঠাই কিনি লৈছিল।
আপোনাৰ দাস মই কেৱল মহাৰাজক যৰ্দ্দন পাৰ কৰি লৈ আহিম৷ ৰজাই ইয়াৰ সলনি কেলেই নো এনে অনুগ্ৰহ কৰিব লাগে?
ৰজাই উত্তৰ দি ক’লে, “কিমহম মোৰ লগত পাৰ হৈ যাব, তুমি যিহকে ভাল দেখা মই ইয়ালৈ তাকে কৰিম আৰু তুমি মোক যি কৰিবলৈ কোৱা, মই তোমালৈ চাই তাকেই কৰিম।”
এইদৰে ৰজাই গিলগললৈ পাৰ হৈ গ’ল আৰু কিমহমেও তেওঁৰ লগত পাৰ হৈ গ’ল৷ যিহূদাৰ সকলো লোক আৰু ইস্ৰায়েলৰ অৰ্দ্ধেক লোকে ৰজাক পাৰ কৰি নিলে।
আৰু তোমাক অন্ন ভোজন আৰু জল পান নকৰিবা বুলি তেওঁ যি ঠাইৰ বিষয়ে তোমাক কৈছিল, তুমি ঘূৰি আহি সেই ঠাইতে অন্ন ভোজন আৰু জল পান কৰিলা, এই কাৰণে তোমাৰ মৃতদেহটোক তোমাৰ পৈতৃক মৈদামত মৈদাম দিয়া নহ’ব।”
কিন্তু গিলিয়দীয়া বৰ্জ্জিলয়ৰ পুত্ৰসকলক দয়া ব্যৱহাৰ কৰিবা আৰু তোমাৰ মেজত বহোঁতাসকলৰ মাজত তেওঁলোককো ঠাই দিবা, কিয়নো তোমাৰ ককাই অবচালোমৰ ভয়ত মই পলোৱা সময়ত তেওঁলোকে মোক সহায় কৰিবলৈ মোৰ ওচৰলৈ আহিছিল।
নাথনৰ পুত্ৰ অজৰীয়া বিষয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷ নাথনৰ পুত্ৰ জাবুদ পুৰোহিত আৰু ৰজাৰ সুহৃদ বন্ধু আছিল৷
আৰু তেতিয়া তেওঁলোকে গৈ, কল্দীয়াসকলৰ ভয়ত মিচৰলৈ যাবৰ মনেৰে বৈৎলেহেমৰ কাষত থকা গেৰূৎ-কিমহমত বাস কৰিলে।
কিয়নো সম্প্ৰতি মই নৈবেদ্য স্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ সময় উপস্থিত হৈছে।
চোৱা, গোটেই পৃথিৱীৰ লোকে যোৱা পথেদি মই আজি যাওঁ। আৰু তোমালোকে সকলো মনেৰে সকলো জ্ঞানেৰে ইয়াক জ্ঞাত হোৱা যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য ক’লে, তাৰ এটিও বিফল হোৱা নাই; তোমালোকৰ পক্ষে সেই সকলো সিদ্ধ হ’ল, এটিও নিষ্ফল হোৱা নাই।
কিয়নো মই জানো যে, শীঘ্রেই মই মোৰ তম্বু গুচাম; আমাৰ প্রভু যীচু খ্রীষ্টই ইয়াকে মোক জনালে।